Debabrata Saikia :
আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক কাৰ্যালয় ৰাজিৱ ভৱনত অনুষ্ঠিত হোৱা এক সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ দলপতি গৰাকীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ তদন্ত সন্দৰ্ভত কয়,জুবিনক হত্যা কৰা বুলি স্বয়ং মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কোৱা মন্তব্য অতি আচৰিতজনক ৷ কিয়নো এই পৰ্যন্ত এছআইটিয়ে তদন্ত অব্যাহত ৰাখি কোনো তথ্য ৰাজহুৱা কৰা নাই ৷ কিন্ত মুখ্যমন্ত্ৰী গৰাকীয়ে এছ আই টিৰ মুৰব্বী দৰেই কেতবোৰ সামঞ্জস্যহীন মন্তব্য প্ৰকাশ কৰাতো অতিশয় দুৰ্ভাগ্যজনক কথা ৷
আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশত আগবঢ়া নাই ৷ এনেক্ষেত্ৰত এছআইটিৰ পৰিৱৰ্তে চিবিআইক তদন্তৰভাৰ দিয়াৰ দাবী কংগ্ৰেছৰ বুলি উল্লেখ কৰি বিৰোধী দলপতি আৰু কয় যে যদি শ্যামকানুৰ গীতানগৰৰ বাসগৃহ এছআইটিয়ে সঁচা অৰ্থত ছীল কৰিছিলেই তেন্তে শ্যামকানুৰ পত্নী তথা পৰিয়ালৰ লোক সকল কেনেকৈ আহযাহ কৰি আছে ৷
একেদৰে আন এক বিস্ফোৰণ ঘটাই শইকীয়াই কয়,ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিল ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগে ৷ তেন্তে কিয় চৰকাৰী আতিথ্য নাপালে জুবিন গার্গে ৷একেদৰে জুবিন গাৰ্গৰ লগত কিয় দিয়া নহল চৰকাৰী দেহৰক্ষী বা প্ৰট’কল অফিচাৰ ৷এই বিষয় সমূহ তদন্তৰ আওতালৈ আনিব লাগে। তদন্ত প্রক্রিয়াত জড়িত দুই-এজন বিষয়াক লৈয়ো ৰাইজৰ সন্দেহ আছে ৷ তদুপৰি বিমানবন্দৰত সন্দীপনৰ পিঠিত থপৰিয়াই মুখ্যমন্ত্রীয়ে কি কৈছিল, ৰাইজে জানিব বিচাৰি আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিৰোধী দলপতি গৰাকীয়ে ৷
জুবিন গাৰ্গৰ নশ্বৰদেহ সৎকাৰ কৰাৰ পিছত চিতাভস্মৰ সলনি জুবিন ক্ষেত্ৰৰ মাটিহে বিভিন্ন অনুষ্ঠানক চৰকাৰে দিয়া বুলি গুৰুতৰ অভিযোগ নাজিৰাৰ বিধায়ক গৰাকীৰ ৷
