দুৰ্ঘটনাৰ কৱলত ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ, অৱতৰণৰ সময়ত ভাঙিল হেলিপেডৰ একাংশ

WhatsApp Image 2025 10 22 at 10.32.52 AM

Droupadi Murmu:✒️দুৰ্ঘটনাৰ কৱলত ৰাষ্ট্ৰপতিৰ মুৰ্মুৰ হেলিকপ্টাৰ।কথমপি ৰক্ষা পৰিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভ্ৰমণ কৰা হেলিকপ্টাৰ।বুধবাৰে পুৱা ৰাষ্ট্ৰপতিগৰাকীয়ে সবৰিমালা ভ্ৰমণৰ বাবে যোৱা হেলিকপ্টাৰখনৰ অৱতৰণ কৰাৰ সময়ত হঠাৎ হেলিপেডত আৱদ্ধ হৈ পৰে ।

হেলিকপ্টাৰৰ পৰা অৱতৰণ কৰাৰ পাছতে সুকলমে ৰাষ্ট্ৰপতিগৰাকীয়ে পথেৰে পাম্বালৈ ৰাওনা হয় যদিও পাছত কেবাজনো আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে আবদ্ধ হেলিকপ্টাৰখন উলিয়াবলৈ চেষ্টা কৰা দেখা যায় ।

প্ৰাপ্ত তথ্য অনুসৰি হেলিকপ্টাৰখন অৱতৰণ কৰাৰ কিছু মুহূৰ্তৰ পাছতে হেলিপেডৰ এটা অংশ আংশিকভাৱে ভাগি যায় ।

ততাতৈয়াকৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে সেই স্থানত উপস্থিত হৈ হেলিকপ্টাৰখন ঠেলি উলিয়াবলৈ চেষ্টা কৰে ।

Exit mobile version