Kokrajhar Encounter:কোকৰাঝাৰৰ আইইডি বিস্ফোৰণৰ দুদিনৰ পাচতে আৰক্ষীৰ এনকাউণ্টাৰ

আৰক্ষীৰ গুলীত নিহত ৰে'ললাইনত আইইডি বিস্ফোৰণৰ অভিযুক্ত

encounter

Kokrajhar Encounter:

বুধবাৰে কোকৰাঝাৰত ৰে’ললাইনত সংঘটিত হোৱা আইইডি বিস্ফোৰণৰ এদিনৰ পাছতে আৰক্ষীৰ এনকাউণ্টাৰৰঘটনা ৷ আৰক্ষীৰ গুলীত আহত হয় ৰে’ললাইনত আইইডি বিস্ফোৰণত অভিযুক্ত ৷ আহত লোকজনক আৰক্ষীয়ে আৰ এন বি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে মৃত্যু হয় ৷
উল্লেখ্য যে বুধবাৰে কোকৰাঝাৰৰ ৰে’ললাইনত সংঘটিত হৈছিল ভয়ংকৰ আইইডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল ৷ উচ্চ প্রাবল্যৰ আইইডি বিস্ফোৰণৰ ফলত মাজনিশা সমগ্র অঞ্চলটো কঁপি উঠিছিল। ৰে’ললাইনৰ কিছু অংশ বিচ্ছিন্ন হৈছিল ৷ ঘটনা কোনে সংঘটিত কৰিলে এই সংক্ৰান্তত আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে আইইডি বিস্ফোৰণৰ দুদিনৰ পাছতে আৰক্ষীয়ে এনকাউণ্টাৰ কৰে ঘটনাৰ লগত জঢ়িত অভিযুক্তক৷ এই পৰ্যন্ত জানিব পৰা হোৱা নাই নিহত লোকজনৰ পৰিচয় ৷
Exit mobile version