Zubeen khetra :নিশা জুবিনক্ষেত্ৰত সুৰামত্ত হৈ উদ্ভণ্ডালি কৰা তিনিজন লোকক আটক

ss

Zubeen khetra :

কামৰূপ মহানগৰ জিলা প্ৰশাসনে জুবিন ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ SOP জাৰি কৰি তাক কাৰ্যকৰী কৰণৰ প্ৰস্তুতি চলাই থকাৰ সময়তে সোণাপুৰ আৰক্ষীয়ে জুবিন ক্ষেত্ৰৰ পৰা নিশা দুজন লোকক আটক কৰি সোণাপুৰ থানালৈ লৈ যায় ।
জুবিন ক্ষেত্ৰত আহিব পৰা যিকোনো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰি শান্তি শৃংখলা বজাই ৰখাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে এজন লোকৰ গতিবিধি সন্দেহজনক হোৱাত সোণাপুৰ আৰক্ষীয়ে নিশা ১২-৩০বজাত লোক জনক আটক কৰি সোণাপুৰ থানালৈ লৈ যায় । আটকাধীন লোকজন বকোৰ অংকুৰ প্ৰাণ বড়ো বুলি জানিব পৰা গৈছে ।
ইয়াৰ বিপৰীতে আনজন লোকে সুৰাৰ ৰাগীত মাতাল হৈ জুবিনৰ সমাধিৰ সন্মুখত SOP নামানাৰ হুংকাৰ দিয়াৰ লগতে চিঞৰ বাখৰ কৰি বিভিন্ন অশ্লীল বাক্যবানৰে পুলিচ প্ৰশাসনক প্ৰত্যাহ্বান জনায় । জুবিন ক্ষেত্ৰত আইন শৃংখলা বজাই ৰখাৰ স্বাৰ্থত শেষত লোকজনক আৰক্ষীয়ে আটক কৰিবলৈ বাধ্য হয় । নিশা ২ বজাত চিঞৰ বাখৰ কৰি জুবিন ক্ষেত্ৰত পৰিবেশ বিনষ্ট কৰা লোকজনক আটক কৰাৰ লগতে তেখেতৰ এজন সহযোগী বন্ধুকো আটক কৰি সোণাপুৰ থানা লৈ যায় ।
Exit mobile version