Deadbody Recovered in Khanapara: মহানগৰীৰ খানাপাৰাত চাঞ্চল্যকৰ ঘটনা

উৰণসেতুৰ সমীপত উদ্ধাৰ যুৱকৰ মৃতদেহ, যুৱকজনৰ ডিঙিত আছে জুবিনক্ষেত্ৰৰ স্বেচ্ছাসেৱকৰ পৰিচয়-পত্ৰ

deadbody

Deadbody Recovered in Khanapara:

নিশা হ’লেও গুৱাহাটী মহানগৰীত বৃদ্ধি পাই অপৰাধীৰ টিঘিলঘিলনি ৷ মহানগৰ আৰক্ষীৰ নিয়মীয়া টহল অব্যাহতো থাকে যদিও অপৰাধীয়ে চলাই গৈছে ইটোৰ পিছত সিটোকৈ অপৰাধমূলক কাৰ্যকলাপ ৷এনেবোৰ ঘটনাক্ৰমৰ মাজতে সদাব্যস্ত খানাপাৰাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ৷ উৰনীয়া সেঁতুৰ সমীপত উদ্ধাৰ হয় যুবকজনৰ নিথৰ দেহ।
উল্লেখ্য যে মৃত যুৱকজনৰ ডিঙিত আছিল জুবিনক্ষেত্ৰৰ স্বেচ্ছাসেৱকৰ পৰিচয়-পত্ৰ ৷ সন্দেহ কৰা মতে নিশা জুবিনক্ষেত্ৰৰ পৰা গৃহাভিমুখী হোৱাৰ পথত খানাপাৰা উৰণসেতুৰ তলত কোনোৱে যুৱকজন হত্যা কৰি পেলাই থৈ গৈছিল ৷
ইপিনে , ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএম চিএইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।
উল্লেখযোগ্য সন্ধিয়া পৰাই খানাপাৰা উৰণসেতুৰ আশেপাশে প্ৰায়ে সুৰা, ভাঙ আৰু ড্ৰাগছ আড্ডা চলে ৷ আৰক্ষীৰ জ্ঞাতসাৰেই এই ধৰণৰ কাৰ্যকলাপ অব্যাহত থাকে ৷
Exit mobile version