Dispur Police: বৰবাৰী অপহৰণ কাণ্ডৰ অভিযুক্তৰ পৰা জব্দ কৰা বিকাশ অসমৰ স্বাক্ষৰ সম্বলিত ধনদাবী পত্র পোৱাৰ পিছতে তৎপৰ মহানগৰ আৰক্ষী

বিকাশ অসমক বিচাৰি আৰক্ষীৰ অভিযান, দুটাকৈ ম'বাইল ফোন অফ কৰি পলাতক বিকাশ অসমৰ

Dispur Police:

বৰবাৰীৰ ভিআইপি ৰোডৰ প্ৰতীক্ষা হাস্পতালৰ সন্মুখৰ পৰা এজল লোকক অপহৰণ কৰি মুক্তপণ হিচাপে ২২ লাখ টকা দাবী কৰা আঠ অপহৰণকাৰী দিছপুৰ আৰক্ষীত জালত পৰে ৷ ধনদাবী আৰু অপহৰণত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল লাচিত সেনাৰ সদস্যকেইজন ৷
আনহাতে অপহৰণকাৰীৰ পৰা জব্দ কৰা হৈছিল বিকাশ অসমৰ স্বাক্ষৰ সম্বলিত ধনদাবী পত্র ৷ ধৃত আটাই কেইগৰাকী বীৰ লাচিত সেনাৰ সদস্য বুলি নিশ্চিত হোৱাৰ পিছতে বিকাশ অসমৰ সন্ধানত দিছপুৰ আৰক্ষীয়ে সোমবাৰে দুপৰীয়াৰ পৰা আৰম্ভ কৰিছে অভিযান ৷ দুটাকৈ ম’বাইল ফোন অফ কৰি পলাতক অৱস্থাত আছে বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ নেতা বিকাশ অসম ৷
এনে ঘটনাক্ৰমৰ মাজতে খ্ৰীষ্টিয়ানবস্তুীৰ এপল’ গ্ৰেণ্ড হোটেলৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টুপানী ফুকন ৷ সংবাদমেল সম্বোধন কৰি থকা সময়তে দিছপুৰ আৰক্ষী এটা দলে ৰন্টুপানী ফুকন সহ গ্ৰেপ্তাৰ কৰে মুখ্য তথ্য আৰু প্ৰচাৰ সচিব উৎপল দত্ত,তন্ময় চেতীয়াক ৷
উল্লেখ্য যে শেহতীয়াকৈ লাচিত সেনাৰ নামত ৰাজ্যৰ য’তে ত’তে ধন দাবী কৰা কেতবোৰ ঘটনা সংঘটিত হৈ অহাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী :ড:হিমন্ত বিশ্ব শৰ্মাৰ আজি সংবাদ মাধ্যমৰ আগত দুপৰীয়া আগবঢ়াইছিল তাৎক্ষণিক প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট ,আৰু তেওঁলোকৰ কাৰ্যকলাপক লৈ আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ | আলফাৰ দৰে আমি এদিন হয়তো লাচিত সেনাক নিষিদ্ধ কৰিম।
ড:শৰ্মাই আৰু কয়,ব্যৱসায়ীকসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে, অসমত ব্যৱসায়িক পৰিৱেশ এটা যোৱা দুমাহ একেবাৰে নষ্ট কৰি দিছে । লাচিত সেনাৰ এজনে অসমৰ আই মাতৃসকলক অপমান সূচক মন্তব্য কৰিছিল | আমি আৰক্ষীক কঠোৰ পদক্ষেপ ল’বলৈ নির্দেশ দিছোঁ I
Exit mobile version