ECI Pressmeet:
সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত অসমত চলি থকা এনআৰচিৰ বাবে অসমত প্ৰযোজ্য নহয় SIR ৷ আজি বিয়লি দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক সংবাদমেলত দেশৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়,দেশজুৰি ভোটাৰ তালিকা গভীৰ পুনৰীক্ষণ(SIR)ৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে আয়োগে ৷
সেই অনুসৰি অহাবৰ্ষৰ ৪ ফেব্ৰুৱাৰীৰ পৰা হ’ব SIR ৰ কাম৷ আনহাতে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত অসমত চলি থকা এনআৰচিৰ বাবে অসমত নহয় SIR। দ্বিতীয় পর্যায়তো অসমত প্রযোজ্য নহয় SIR ৷ অৰ্থাৎ আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত SIR প্ৰযোজ্য নোহোৱাৰ স্পষ্ট ইংগিত দি মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে কয় অৱশ্যে অসমৰ বাবে পৃথকে দিয়া হ’ব নির্দেশনা ৷
আয়ুক্ত গৰাকীয়ে আৰু কয় যে নিৰ্বাচনমুখৰ পশ্চিমবংগ কেৰলা,পুডুচেৰী,তামিলনাডু সহ ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ত প্ৰযোজ্য হ’ব এছ আই আৰ ৷
