মেদহীন পেটৰ বাবে খাওক হালধিৰ চাহ

images 1 4

Termeric Tea:✒️শৰীৰৰ চৰ্বি দূৰ কৰি তজবজীয়া হৈ থাকিবলৈ আমি কিমান যে কি নকৰো! মর্নিং বাক, জিম, ব্যায়াম, জুখি-মাখি আহাৰ খোৱা আদি। এই সকলোবোৰ কাৰ্যই কৰা হয় নিজৰ স্বাস্থ্যৰ কথা ভাবি। চোলাৰ ফাকেৰে উকি মাৰি থকা পেটৰ চৰ্বিতো আৰু মনে-প্রাণে কোনেও নিবিচাৰে।

অনিয়ন্ত্রিত জীৱন-যাত্রা, সুষম খাদ্য নোখোৱা আৰু দীর্ঘসময় ধৰি খালী পেটে থকাই হৈছে শকত হোৱাৰ অন্যতম কাৰণ। গ্রীণ টি হয়তো পান কৰে! তেন্তে এইবাৰ হালধিৰ চাহ পান কৰি চাওক। এই চাহে কিন্তু শৰীৰৰ ওজন হ্রাস কৰিব। আপোনাক উপহাৰ দিব পাৰে মেদহীন পেট। ইয়াৰ উপৰি কৰ্কট প্ৰতিৰোধতো সহায় কৰে হালধিয়ে।

হালধি হৈছে প্ৰচুৰ ঔষধি

গুণসম্পন্ন। নানা ধৰণৰ সংক্ৰমণৰ হাতৰ পৰা হালধিয়ে আমাক ৰক্ষা কৰে। হালধিত অ’মেগা ৩ ফেটি এচিড, পটাছিয়াম ভ’লাটাইল অইল থকাৰ বাবেই ৰন্ধন প্ৰকৰণত এইবিধ বনস্পতিৰ ইমান গুৰুত্ব। ইয়াৰ উপৰি কেঁচা হালধি খেজুৰ গুড়ৰ স’তে খালে তেজ পৰিষ্কাৰ হয়।

লগতে হালধিয়ে এন্টিঅক্সিডেণ্টৰ ভাল কাম কৰে।হালধিৰ চাহ পান কৰিলে ওজন কমে। হালধিৰ চাহত কিন্তু চাহপাত দিবই লাগিব বুলি কোনো কথা নাই। অৱশ্যে ইচ্ছা কৰিলে গাখীৰ চাহৰ স’তেও পান কৰিব লাগে। যিদৰেই পান কৰে, এই চাহৰ দ্বাৰা কাম হোৱাটো নিশ্চিত।

ফেট বার্ণাৰ ৰূপে কাম কৰে

যিকোনো ধৰণৰ পোৰণি বা প্রদাহত কেঁচা হালধি ব্যৱহাৰ কৰা হয়। হালধিত থকা এন্টি-অক্সিডেণ্টৰ বাবে মানসিক উত্তেজনা বা অৱসাদ কমে, অতিৰিক্ত চর্বি নাশ হয়। সেইবাবেই নিমখ আৰু হালধি অবিহনে ৰন্ধন সম্পূর্ণ নহয়। হালধি ব্যৱহাৰ কৰিয়ে খাদ্য প্ৰস্তুত কৰিব।

মেটাবলিক ছিণ্ডু’মৰ পৰা ৰক্ষা কৰে

মেটাবলিক ছিড্ৰ’মৰ স’তে মেদবহুলতাৰ গুৰুত্বপূর্ণ সম্পর্ক আছে। ট্রাইগ্লিচাৰাইড, ক’লেষ্টেৰ’ল, বক্ত শর্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে হালধিয়ে। আনহাতে, এইবোৰ নিয়ন্ত্রণত থাকিলে শৰীৰো সুস্থ হৈ থাকিব। শৰীৰত অতিৰিক্ত চর্বি জমা হ’ব নোৱাৰে।

হজম ভাল হয়

তেজত বিলিৰুবিনৰ মাত্রা বৃদ্ধি পালে জণ্ডিচ হয়। হালধিৰ চাহ প্রতিদিনে পান কৰিব পাৰিলে বিলিকবিনৰ মাত্রা নিয়ন্ত্রণত থাকে। ইয়াৰ উপৰি হজম ভাল হয়। পাকস্থলীৰ কামো ভাল হয়। লগতে ওজন কমোৱাতো সহায় কৰে।

মধুমেহৰ সম্ভাৱনা কমায়

এনে বহু লোক আছে, যাৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মিতরূপে ইনচ্যুলিন ল’ব লাগে। তেওঁলোকে যদি এই হালধিৰ চাহ প্রতিদিনে পান কৰিব পাৰে তেন্তে অনেক উপকাৰ লাভ কৰিব। লগতে অতিৰিক্ত চর্বিও জমা নহ’ব।

হালধিৰ চাহৰ ৰেছিপি কি কি লাগিব?

হালধিৰ চাহৰ বাবে বিশেষ উপাদানৰ প্ৰয়োজন নাই। ইয়াৰ বাবে লাগিব হালধিৰ গুড়ি, চকলিওরা আদা বা আদাৰ পেষ্ট আৰু পানী। কিদৰে তৈয়াৰ কৰিব?

এটা পাত্ৰত পানী গৰম কৰক। গৰম হোৱাৰ পাছত হালধি গুড়ি আৰু আদাৰ পেষ্টখিনি দি ভালদৰে সিজাব। তাৰ পাছত সেই পানীয় ঠাণ্ডা কৰিব। অৱশ্যে একেবাৰে ঠাণ্ডা নকৰিব। প্রায় মুখত দিব পৰা গৰম থাকিব লাগিব। অর্থাৎ কুহুমীয়া গৰম অবস্থাতে সেই চাহ পান কৰক। মনত ৰাখিব যে হালধিৰ চাহ তৈয়াৰ কৰাৰ পাছত বেছি সময় থৈ নিদিব। ইয়াৰ উপৰি অৱশ্যে নিত্য নৈমিত্তিক ব্যায়াম আৰু সুষম আহাৰৰ প্রক্রিয়া অব্যাহত থাকিব লাগিব।

Exit mobile version