Fake Note Seized in Kaliabor :
কলিয়াবৰত ১ কোটি ২০ লাখ টকাৰ জালনোট উদ্ধাৰ। উলুৱনী আৰক্ষী থানা এলেকাধীন ১নং বৰঘূলীত নিশা আৰক্ষীয়ে অভিযান চলাই এটা জালনোট ব্যৱসায়ীক আটক কৰে। জালনোট ব্যৱসায়ী মুজিবুৰ ৰহমানৰ জিন্মাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১কোটি ২০ লাখ টকাৰ জালনোট।
অভিযানৰ সময়ত জালনোটৰ বান্দোল সমূহৰ লগতে তিনিটা HP ৰঙীন প্ৰিন্টিং মেচিন আৰু বৃহৎ পৰিমাণৰ নোট ছপা কৰা কাগজৰ বান্দোল জব্দ কৰিছে আৰক্ষীয়ে।
বিগত চাৰিদিন ধৰি ১ নং বৰঘূলীৰ মুজিবুৰ ৰহমানৰ ঘৰত বৃহৎ এটি জালনোট চক্ৰই জালনোট সমূহ প্ৰিন্ট কৰি থকা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিছে ধৃত মুজিবুৰ ৰহমানে। ঘটনা সন্দৰ্ভত চুলুং আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
