চীনত ডিগ্রীধাৰী লোকেহে সামাজিক মাধ্যমত বিলাব পাৰিব ‘জ্ঞান’

iStock 1371763060

China:✒️সামাজিক মাধ্যমৰ মঞ্চসমূহে কনটেন্ট ক্রিয়েটৰক নিজৰ চেনেলৰ জৰিয়তে বিভিন্ন তথ্যপাতিব আদান-প্রদান কৰিবলৈ সুবিধা দিছে। কিন্তু বহু সময়ত কনটেন্ট ক্রিয়েটবে সামাজিক মাধ্যমত ভ্রামক তথ্য বা ভুৱা বাতৰি প্ৰচাৰ কৰি আহিছে।

ভুল তথ্য প্ৰচাৰৰ ফলত নানা বিভ্রান্তিৰ সৃষ্টি হয়। এইবাৰ চীন চৰকাৰে সামাজিক মাধ্যমত তথ্য প্ৰচাৰৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্রহণৰ সিদ্ধান্ত ল’লে। চীন চৰকাৰে এক নতুন আইন বলবৎ কৰিলে আৰু এই আইনৰ অধীনত কনটেন্ট ক্রিয়েটৰে যদি স্বাস্থ্য, শিক্ষা, আইন, বিত্ত আদি বিষয়ত কোনো কনটেন্ট প্ৰচাৰ কৰিব বিচাৰে, তেন্তে উক্ত বিষয়ত ব্যক্তিজন ডিগ্রীধাৰী হ’ব লাগিব।

সামাজিক মাধ্যমত ‘জ্ঞান’ বিতৰণ কৰা কনটেন্ট ক্রিয়েটৰে নিজৰ ডিগ্রী বা অনুজ্ঞাপত্ৰৰ প্ৰমাণ দাখিল কৰিব লাগিব। এই নতুন নিয়ম চীনত ২৫ অক্টোবৰৰ পৰা প্ৰযোজ্য হৈছে।

কনটেন্ট প্ৰচাৰ কৰা ব্যক্তি যাতে শিক্ষিত হয় আৰু তেওঁ শুদ্ধ তথ্য প্ৰচাৰ কৰে, সেয়া বিভিন্ন সামাজিক মাধ্যমে নিশ্চিত কৰিব লাগিব বুলিও চীন চৰকাৰে নিয়ম প্ৰবৰ্তন কৰিলে।

Exit mobile version