Mosquito:✒️যেতিয়া এজনী মাইকী মহে তেজ শুহি খাবলৈ নিজৰ শুঙেৰে আমাৰ গাৰ ছালত বিন্ধা কৰে, তেতিয়া সিহঁতৰ মুখত থকা এবিধ থু জাতীয় পদাৰ্থ আমাৰ ৰক্তবাহিকাত প্ৰৱেশ কৰায়।
সেই পদার্থই ৰক্তবাহিকাত খমলা বিৰোধীৰ ভূমিকা পালন কৰে। অর্থাৎ তেজ কৰাল নাবান্ধে। ফলত মহজনীয়ে অতি সহজে তেজ শুহি নিব পাৰে। সেই বাহিৰা পদাৰ্থৰ উপস্থিতিৰ প্ৰতিক্রিয়া হিচাপে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাই হিষ্টামাইন নামৰ জেৱ নাইট্ৰ’জেন বাহিৰলৈ উলিয়াই পঠায়।
তাৰফলতে মহে কামোৰা স্থানৰ আশে-পাশে থকা ৰক্তনলী ওফন্দি উঠে। সেইদৰে ওফন্দি উঠা ৰক্তনলীয়ে উক্ত স্থানৰ স্নায়ু ৰঙা পেলায় উত্তেজনা বৃদ্ধি কৰে। সেই উত্তেজনাই মহে কামোৰা স্থানত খজুৱতি ভাবৰ উদ্রেক ঘটায়।
