উমা ছেত্ৰীক সম্বর্ধনা জনাবলৈ তেওঁৰ স্বগৃহত উপস্থিত হ’ল লুৰীণজ্যোতি গগৈ

IMG 20251108 171153

বিগত দুই নৱেম্বৰত ইতিহাস সৃষ্টি কৰি মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ জয় কৰে ভাৰতে।বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ অন্যতম সদস্যা আছিল অসম কন্যা উমা চেত্ৰী।

উল্লেখ্য যে বিশ্বকাপ জয়ী প্ৰথমগৰাকী অসমীয়া হিচাপে উমাই লাভ কৰে ঐতিহাসিক খ্যাতি। এনে অনন্য সাফল্য লাভৰ পাছত বৃহস্পতিবাৰে অসমত উপস্থিত হয় উমা।

উমা ছেত্ৰীক সম্বর্ধনা জনাবলৈ তেওঁৰ স্বগৃহত উপস্থিত হয় ইজনৰ পাছত সিজন নেতা।

শনিবাৰেও পুৱাই বিশ্ব জয়ী মহিলা ক্রিকেটাৰ উমা ছেত্ৰীৰ বোকাখাতৰ কান্ধুলিমাৰিৰ বাসগৃহত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ।

উমাক গামোছা, চেলেং,শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে শুভেচ্ছা জনায় লুৰীণজ্যোতি গগৈয়ে। বৰঝাৰত অৱতৰণ কৰাৰ পাছত চৰকাৰৰ তৰফৰ পৰা আদৰণি আৰু সম্বৰ্ধনা নজনোৱা সম্পৰ্কত তীব্র সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে।

Exit mobile version