পথচাৰী কুকুৰৰ আক্ৰমণত নিহত কমেও ১০টা হৰিণ !

উদ্বোধনৰ এমাহৰ ভিতৰতে বিপদত কেৰালা চিৰিয়াখানা

1762929606 stray dig

Kerala:✒️উদ্বোধনীৰ এমাহো পাৰ হোৱা নাই! ইফালে কেৰালাৰ চিৰিয়াখানাত সংঘটিত হৈছে এক বিপত্তি। বিপথগামী কুকুৰৰ আক্ৰমণত মৃত্যু হৈছে কমেও ১০টা হৰিণ। শেহতীয়াকৈ কেৰালাৰ ত্ৰিশূৰৰ নৱনিৰ্মিত পুথুৰ চিৰিয়াখানাত সংঘটিত হৈছে এই ঘটনা।

বিগত এমাহত পুথুৰ চিৰিয়াখানাত পথকুকুৰৰ আক্ৰমণত কমেও ১০টা হৰিণৰ মৃত্যু হৈছে।

এই তথ্য লাভ কৰাৰ পাছতে মঙলবাৰে চিৰিয়াখানাত উপস্থিত হয় বন্যপ্ৰাণী বিশেষজ্ঞ অৰুণ জাকাৰিয়াৰ নেতৃত্বত এটা দল । তেওঁলোকে সমগ্ৰ অঞ্চলটো পৰিদৰ্শন কৰাৰ লগতে বিতং তদন্তও আৰম্ভ কৰে।

তদন্তকাৰী দলৰ এজন বিষয়াই জনোৱা মতে, মৃত হৰিণাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। প্ৰতিবেদন পোৱাৰ পাছত মৃত্যুৰ সঠিক কাৰণ নিশ্চিত কৰিব পৰা যাব।

অৱশ্যে চিৰিয়াখানাৰ পৰিচালক নাগাৰাজে এই সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

যোৱা ২৮ অক্টোবৰত কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে পুথুৰ চিৰিয়াখানা উদ্বোধন কৰে। ত্ৰিশূৰৰ ৩৩৬ একৰ মাটিত বিস্তৃত এই নতুনকৈ নিৰ্মাণ কৰা চিৰিয়াখানাখন এছিয়াৰ দ্বিতীয় বৃহত্তম চিৰিয়াখানা।কেৱল সেয়াই নহয়, ই ভাৰতৰ প্ৰথম ‘ডিজাইনাৰ চিৰিয়াখানা’।

শেহতীয়াকৈ পুথুৰলৈ অহা দৰ্শনাৰ্থীৰ বাবে আগতীয়া পঞ্জীয়ন ব্যৱস্থাও আৰম্ভ কৰা হৈছে। এতিয়াৰ বাবে চিৰিয়াখানাত কেৱল স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়েহে প্ৰৱেশ কৰাৰ অনুমতি আছে।

চিৰিয়াখানাখন কেতিয়া জনসাধাৰণৰ বাবে মুকলি হ’ব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই। ইয়াৰ মাজতে চিৰিয়াখানাতেই সংঘটিত হৈছে এই ঘটনা।

Exit mobile version