দিনটোৰ ৰাশিফল

horoscope new

Horoscope:✒️মেষ: কিবা কাৰণত মানসিক অশান্তি বৃদ্ধি পাব পাৰে। শৰীৰত আঘাত প্ৰাপ্তিৰ সম্ভাৱনা দেখা যায়। আর্থিক শুভ যদিও ব্যয়-বৃদ্ধিৰ ফলত মানসিক চিন্তা। আইনজীৱীৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। শুভ ৰং নীলা।

বৃষ: বিভিন্ন কাৰণত ব্যয়ৰ পৰিমাণ অত্যধিক বৃদ্ধি পাব। আকস্মিক অর্থপ্রাপ্তিৰ যোগ দেখা যায়। সামাজিক কাম-কাজৰ ক্ষেত্রত সম্মান বৃদ্ধিৰ যোগ। বিদ্যার্থীৰ মধ্যম। শুভ ৰং ৰঙা।

মিথুন: কোনোবাই আপোনাৰ লগত প্ৰতাৰণা কৰিব পাৰে। আকস্মিকভাৱে কর্মক্ষেত্রত বাধা দেখা দিব পাৰে। বুধৰ প্ৰভাবত ব্যৱসায়-বাণিজ্যত কিছু হ’লেও শুভ প্রভাব পৰিব। শুভ ৰং হালধীয়া।

কর্কট: নতুন কামত উন্নতি অব্যাহত থাকিব। আর্থিক উন্নতিৰ ফলত কিছু হ’লেও ঋণ পৰিশোধ কৰিব পাৰিব। গৃহ বিবাদৰ ভয় আছে। আজি ভ্রমণ নকৰাই ভাল হ’ব। শুভ ৰং সেউজীয়া।

সিংহ: ৰাহুৰ অশুভ প্রভাবৰ ফলত কর্মক্ষেত্রত ব্যাঘাত ঘটিব পাৰে। যান-বাহনৰ পৰা সাৱধানে। শত্রুৱে আপোনাৰ ক্ষতি কৰিব বিচাৰিব, গতিকে শত্ৰুৰ পৰা সতর্ক থাকিব। শুভ ৰং নীলা।

কন্যা: বুধৰ প্ৰভাৱত দৈনন্দিন কামত উৎসাহ বৃদ্ধি পাব। বিশেষ কোনো কামৰ বাবে বাহিৰলৈ যোৱাৰ যোগ আছে। ব্যৱসায়-বাণিজ্যত ভাল ফল আশা কৰিব পাৰে। বিদ্যার্থীৰ শুভ। শুভ ৰং ক’লা।

তুলা: শুক্ৰৰ শুভ প্রভাৱত ৰাজহুৱা সন্মান লাভৰ যোগ। কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব। কিবা বিষয়লৈ পতি-পত্নীৰ মাজত বিৰোধ দেখা দিব পাৰে। প্ৰেমত অশুভ। শুভ ৰং হালধীয়া।

বৃশ্চিক: নানান বাধা-বিঘিনিৰ মাজেৰে দিনটো পাৰ হ’ব। শত্ৰুৰ পৰা সাৱধান। কিবা বিষয়লৈ নিকট আত্মীয়ৰ লগত বিৰোধ দেখা দিব পাৰে। বিদ্যার্থীৰ শুভ ফলদায়ক।

ধনু: বৃহস্পতিৰ শুভ প্রভাৱত মনত কোনো আশাৰ সঞ্চাৰ হ’ব পাৰে। শত্ৰুৱে বিৰোধিতা কৰিও আপোনা কোনো ক্ষতি কৰিব নোৱাৰে। ব্যৱসায়-বাণিজ্যত মধ্যম ফলদায়ক হ’ব। প্ৰেম আৰু দাম্পত্যত শুভফলদায়ক হ’ব। শুভ ৰং বেঙুনীয়া।

মকৰ: দৈনন্দিন কাম-কাজৰ উন্নতি। আকস্মিক কোনো বিপদৰ সন্মুখীন হ’ব পাৰে। কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ। অশুভ সংবাদ প্রাপ্তিৰ ফলত মানসিক অশান্তি। বিদ্যার্থীৰ শুভ। শুভ ৰং সোণালী।

কুম্ভ: সামাজিক দিশত সম্মান আৰু প্ৰতিপত্তি বৃদ্ধিৰ যোগ। দুৰ্ঘটনাৰ ভয়, গতিকে চলাফুৰাত সতর্ক থাকিব। সন্তানৰ দ্বাৰা পিতৃ-মাতৃৰ সন্মান বৃদ্ধিৰ যোগ। বিদ্যার্থীৰ শুভ ফলদায়ক। শুভ ৰং বগা।

মীন: পাৰিবাৰিক ক্ষেত্রত শুভ ফলদায়ক হ’ব। কিবা বিষয়লৈ ভ্ৰাতৃৰ লগত চাকৰিয়াল সকলো সতৰ্কতাৰ লগত কৰ্তব্য পালন কৰিব। বিদ্যার্থীৰ অশুভ ফলদায়ক। শুভ ৰং কমলা।

Exit mobile version