Rantu Paniphukan:
গুৱাহাটী মহানগৰীৰ বহুচৰ্চিত বৰবাৰী অপহৰণ কাণ্ডৰে জড়িত পাঁচজনকৈ বীৰ লাচিত সেনাৰ বিষয়ববীয়াক গ্ৰেপ্তাৰৰ পাছদিনা গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰাৰ সময়ত বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনক গ্ৰেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতৰ জৰিয়তে গুৱাহাটী কাৰাগাৰলৈ পঠোৱাৰ পিছত চিআইডিয়ে আন এক গোচৰ ৰজু কৰি পুনৰ জিন্মাত লৈছিল পানীফুকনক ৷
শেহতীয়াকৈ চিআইডি জিন্মাৰ অন্ত পৰাৰ পিছত ন্যায়িক জিন্মাত কাৰাগাৰত থকা অৱস্থাত পানীফুকনক আজি তেজপুৰ আৰক্ষীয়ে তেজপুৰ সদৰ থানাৰ ৭১৪/২০০৫ নম্বৰত ৰজু হোৱা ধন দাবীৰ আন এক গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে গুৱাহাটী জিলা কাৰাগাৰৰ পৰা ৰন্টু পানীফুকনক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে তেজপুৰ আৰক্ষীয়ে লৈ যায় ।
