Rantu Paniphukan:বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানী ফুকনক পুনৰ গ্ৰেপ্তাৰ চামগুৰি আৰক্ষীৰ

তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে চামগুৰি আৰক্ষীয়ে

rantu 1

Rantu Paniphukan:

বিপদে লগ নেৰা হৈছে ৰন্টু পানীফুকনৰ ৷ ইটোৰ পিছত সিটোকৈ গোচৰত নাম সাঙোৰ খাইছে বীৰ লাচিত সেনাৰ মুখ্য সচিবজনৰ ৷ বুধবাৰে পুনৰ তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে চামগুৰি আৰক্ষীয়ে ৷
চামগুৰি আৰক্ষী থানাত ৰুজু হোৱা গোচৰ ২৪০/২৫ ৰ অনুসৰি গ্ৰেপ্তাৰ কৰি আজিয়ে নগাঁও চিজেএম আদালতত হাজিৰ কৰি নিজৰ জিন্মাত ল’ব চামগুৰি আৰক্ষীয়ে ৷

গুৱাহাটীৰ হেঙেৰাবাৰীৰ বৰবাৰী বহুচৰ্চিত অপহৰণ কাণ্ডত পাঁচজনকৈ বীৰ লাচিত সেনাৰ বিষয়ববীয়াক দিছপুৰ আৰক্ষীৰ জালত পৰাৰ সময়ত জব্দ হৈছিল বীৰ লাচিত সেনাৰ বহিস্কৃত নেতা আকাশ অসমৰ স্বাক্ষৰিত পাঁচখন ধন দাবী পত্ৰ ৷ আনহাতে বীৰ লাচিত সেনাৰ পাঁচজন বিষয়ববীয়া আৰক্ষীৰ জালত পৰাৰ পিছত সংগঠনৰ হৈ স্পষ্টীকৰণ দিবলৈ গুৱাহাটীৰ এখন হোটেলত সংবাদমেল সম্বোধন কৰাৰ সময়তে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানী ফুকনক।

দিছপুৰ আৰক্ষীয়ে নিজৰ জিন্মাত লৈ পাঁচদিনৰ অন্তত পুনৰ আদালতত হাজিৰ কৰাত আদালতে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে ৷সেই অনুসৰি গুৱাহাটী কাৰাগাৰত বন্দী হৈ থকাৰ সময়তে যোৱাটো সপ্তাহত ৰন্টু পানী ফুকনক তেজপুৰত ৰুজু হোৱা ধন দাবীৰ গোচৰত তেজপুৰ আৰক্ষীয়ে কাৰাগাৰতে গ্ৰেপ্তাৰ কৰি লৈ য়ায় ৷ পানীফুকনৰ বিৰুদ্ধে তেজপুৰ সদৰ থানাৰ ৭১৪/২০২৫ নম্বৰত ৰজু আছিল গোচৰ ৷

শেহতীয়াকৈ আজি নগাঁৱৰ চামগুৰি আৰক্ষীয়ে চামগুৰি আৰক্ষী থানাত ৰুজু হোৱা গোচৰমৰ্মে ২৪০/২৫ ৰ অনুসৰি তেজপুৰত গ্ৰেপ্তাৰ কৰে ৰন্টু পানী ফুকনক। ইতিমধ্যে পানীফুকনক নগাঁৱলৈ অনা হয়।

Exit mobile version