Nitish Kumar:✒️দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে। বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছতে আজি পাটনাৰ গান্ধী ময়দানত শপত গ্ৰহণ কৰে নীতিশ কুমাৰে।
উল্লেখ্য যে,নীতিশ কুমাৰক শপত বাক্য পাঠ কৰাই ৰাজ্যপাল আৰিফ মহম্মদ খানে । শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডাকে ধৰি এন ডি এ শাসিত সকলো ৰাজ্যৰ সকলো মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী উপস্থিত থাকে।
শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
