অসমৰ বজাৰত অস্বাভাৱিক হাৰত মূল্যবৃদ্ধি হ’ল কণীৰ। ঊর্ধ্বমুখী মূল্যৰ এই গতি আগন্তুক কে’বাদিনলৈ অব্যাহত থাকিব বুলি আজি ‘দৈনিক অগ্রদূত’ৰ আগত কে’বাজনো ব্যৱসায়ীয়ে সদৰী কৰে। শীত আৰম্ভ হোৱাৰ লগে লগে কণী উৎপাদনৰ মাত্ৰা কিছু পৰিমাণে অৱনমিত হয় আৰু আনফালে চাহিদা বৃদ্ধি হয়।
সেই সুযোগ গ্ৰহণ কৰি বহিঃৰাজ্যৰ ব্যৱসায়ীৰ পৰা অসমৰ ব্যৱসায়ীলৈ কণীৰ মূল্যবৃদ্ধিৰ এক ধাৰা প্ৰতিবছৰে গঢ়ি উঠে। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই; কিন্তু এইবাৰ পূৰ্বতকৈ অধিক মূল্যবৃদ্ধি হৈছে। ইয়াকে লৈ বিপাঙত পৰিছে খুচুৰা ব্যবসায়ীসকল। সমান্তৰালভাৱে মাধমাৰ পৰিছে সাধাৰণ গ্ৰাহকৰ ওপৰত। অসমত কণীৰ বজাৰখনক লৈ অসাধু চক্ৰৰ দৌৰাত্ম্য চলি আহিছে। বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰশীল অসমৰ কণীৰ বজাৰখন অসাধু চক্ৰৰ বাবে মূল্য সঘনে ঊর্ধ্বমুখী হৈ আহিছে।
যোৱা ছেপ্টেম্বৰৰ শেষত বিটিচিৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ লগে লগে কণীৰ বজাৰখন হঠাৎ অৱনমিত হৈছিল। এক প্লেট কণীৰ মূল্য হঠাৎ ২০-২৫ টকা পর্যন্ত অৱনমিত হৈছিল। এই অৱনমনৰ কাৰণ আছিল বিটিচিৰ পৰিষদত হোৱা সলনি। চর্চা অনুসৰি, অসমত প্ৰৱেশ কৰা কণীক লৈ অসম-পশ্চিমবংগ সীমান্তত সুদীর্ঘ দিনৰ পৰা ছিণ্ডিকেট চক্র সক্রিয় হৈ আহিছে।
আনকি কণীভর্তি ট্রাক অসমত প্ৰৱেশৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথত বলপূর্বক কমিছন আদায়ৰ দৌৰাত্ম্য একাংশ লোকে চলাই আহিছিল। চর্চা অনুসৰি, বিটিচিত প্রশাসন সলনি হোৱাৰ লগে লগে সেই চক্ৰবোৰো তাৎক্ষণিকভাবে নিষ্ক্রিয় হয়। ফলত কণীৰ উপৰি আমদানি কৰা কুকুৰাৰো মূল্য হঠাৎ হ্রাস পায়।
তাৰ পাছত পুনৰ শেহতীয়াকৈ কণীৰ মূল্যবৃদ্ধিৰ পাছত কমিছনভোগীৰ দৌৰাত্ম্যৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে। অভিযোগ অনুসৰি, কণী উৎপাদনৰ উৎসতে শেহতীয়াকৈ মূল্য কিছু পৰিমাণে বৃদ্ধি হোৱাত তাৰ সুযোগ অসমৰ দুষ্টচক্রই লৈছে।
দেশৰ ভিতৰত অন্ধ্রপ্রদেশতে সর্বাধিক পৰিমাণৰ কণী উৎপাদন হয়। ভাৰতত দৈনিক উৎপাদিত কণীৰ ২০ শতাংশই দক্ষিণ ভাৰতৰ ৰাজ্যখনে উৎপাদন কৰে। অসমলৈ অন্ধ্রপ্রদেশৰ পৰাই কণী আমদানি হয়। শেহতীয়াকৈ অন্ধ্রপ্রদেশত প্রতি এশটা কণীৰ পাইকাৰী মূল্য হৈছে ৬৪০ টকা। এই মূল্য সাধাৰণ দিনতকৈ অধিক।
ইপিনে, অসমত আজি এক প্লেট কণীৰ পাইকাৰী মূল্য ২৩০ টকালৈ বৃদ্ধি হয়। এসপ্তাহ পূর্বে এই মূল্যৰ পৰিমাণ আছিল ২১০ টকা। পাইকাৰী মূল্যবৃদ্ধিৰ ফলত খুচুৰা বজাৰতো স্বাভাৱিকতে দাম বৃদ্ধি হৈছে। গুৱাহাটীৰ বজাৰত আজি এটা কণীৰ খুচুৰা মূল্য আঠ টকালৈ বৃদ্ধি হয়। গুৱাহাটীৰ বেহাৰবাৰীৰ কণীৰ অন্যতম ব্যৱসায়ী সঞ্জীৱ ডেকাই কয়, ‘এইবাৰ দাম বৃদ্ধিৰ পৰিমাণ পূৰ্বৰ তুলনাত অধিক হৈছে। এটা কণীৰ খুচুৰা মূল্য এই সময়ছোৱাত পূর্বে কেতিয়াও আঠ টকা হোৱা নাছিল।
ইয়াৰ কাৰণ আমি নাজানো; কিন্তু মূল্যবৃদ্ধিৰ এই পৰিমাণ স্বাভাবিক নহয়। মাত্র কেইদিনমান পূর্বে এক প্লেট কণীৰ মূল্য ১৮০ টকা আছিল। তাৰ পাছত সেই মূল্য ২১০ টকালৈ বৃদ্ধি হয়। কণীৰ বজাৰৰ পৰা অহা খবৰ মতে, মূল্যবৃদ্ধিৰ ঊর্ধ্বমুখী গতি আগন্তুক দিনবোৰতো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।’
প্রসংগক্রমে উল্লেখ্য যে ভাৰতবৰ্ষত কণীৰ বজাৰখন নিয়ন্ত্ৰণ কৰা নেচনেল এগ কো-অর্ডিনেছন কমিটা (এনইচিচি) ৰ তথ্য অনুসৰি, আজিৰ দিনটোত ভাৰতত এটা কণীৰ গড় মূল্য হ’ল ৬.৭৪ টকা। একেদৰে এক ডজন কণীৰ গড় মূল্য হ’ল ৮০.৮৩ টকা। এনইচিচিৰ মতে, ৰাজ্যভেদে কণীৰ মূল্য আজিৰ দিনটোতো ভিন ভিন হৈ ৰয়। কণীৰ চাহিদা, যোগান আৰু স্থানীয় বজাৰৰ ভিত্তিত মূল্যৰ ভিন্নতা দেখা যায় বুলি এনইচিচিয়ে সদৰী কৰে। অসমৰ ক্ষেত্ৰত উল্লেখনীয় দিশটো হ’ল যে ৰাজ্যখনে দৈনিক ৩০-৩৫ লাখ কণী আমদানি কৰে। ইয়াৰ বিপৰীতে অসমত দৈনিক কণীৰ চাহিদা হ’ল ৫০ লাখ।
অসমে নিজাকৈ দৈনিক উৎপাদন কৰা কণীৰ পৰিমাণ হ’ল ১৫-১৭ লাখ। এনে ক্ষেত্ৰত ৰাজ্যখনে সদায় চাহিদাৰ বিপৰীতে কম পৰিমাণৰ কণী বজাৰত যোগান ধৰি আহিছে। চাহিদাৰ বিপৰীতে যোগান কম হোৱাৰ বাবে অসমত কণীৰ মূল্য দেশৰ বহু ৰাজ্যৰ তুলনাত অধিক। তাৰ ওপৰঞ্চি কণীৰ বজাৰক লৈ চলি আহিছে ব্যাপক অনিয়ম। ছিণ্ডিকেট, বলপূর্বক ধন সংগ্রহ আদিৰ পৰিণতিত পাইকাৰী ব্যৱসায়ীয়ে কণীৰ মূল্যবৃদ্ধি কৰাৰ প্রভাৱ প্রত্যক্ষভাবে গ্রাহকৰ মূৰত ওপৰত পৰিছে।
শেহতীয়াকৈ অসমত পূৰ্বৰ তুলনাত মূল্য অধিক হোৱাৰ কাৰণৰ ভিতৰত এয়াও আছে বুলি অভিযোগ উঠিছে।
