The Family Man-3:
দেশৰ সাত শতাধিক জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ সুকীয়া সংস্কৃতি আৰু খাদ্যাভ্যাস আছে। এই সাত শতাধিক জনজাতি সম্প্ৰদায়ৰ এক চতুর্থাংশই হৈছে উত্তৰ-পূবৰ। উত্তৰ-পূবতে আমাজন প্রাইমৰ জনপ্রিয় ‘দ্য ফেমিলী মেন’ৰ তৃতীয় সংস্কৰণ শুটিং কৰা হয়। ইয়াৰ এটা দৃশ্যত দেখিবলৈ পোৱা গৈছে ৰুক্মই মীৰাক চাউলৰ পৰা তৈয়াৰী এক স্থানীয় সুৰাজাতীয় পানীয় পান কৰিবলৈ দিয়ে। এই সুৰাজাতীয় পানীয় হৈছে অসমৰ মিচিংসকলৰ পৰম্পৰাগত পানীয় আপং। ৰুক্মই এই পানীয় পান কৰাৰ পূৰ্বে পানীয়খিনিৰ পৰা কেইটোপালমান পানীয় গলাধকৰণ কৰিবলৈ লোৱা পাত্ৰটোৰ ওচৰে-পাঁজৰে ছটিয়াইছে।
বহু ভাৰতীয় লোকে সুৰাপানৰ পূৰ্বে এনে কাৰ্য কৰে। এটা বিশ্বাস আছে যে এনেদৰে সুৰাপান কৰাৰ প্রাকমুহূর্তত কেইটোপালমান সুৰা ছটিয়াই ল’লে অপদেৱতা ক্ষুব্ধ বা বিতুষ্ট নহয়। আমাজন প্রাইমৰ ৰুক্মৰ চৰিত্ৰটো জয়দ্বীপ আহলুৱাত আৰু মীৰাৰ চৰিত্ৰটো নিম্ৰাট কৌৰে ৰূপায়ণ কৰিছে।
কিন্তু আপং মাথোঁ এক সুৰাজাতীয় পানীয়ই নহয়, উত্তৰ-পূবৰ জনজাতীয় লোকসকলৰ মাজত ইয়াৰ এক সাংস্কৃতিক গুৰুত্বও আছে। আপং মিচিংসকলে তৈয়াৰ কৰে। অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠী লোকসকলৰো আপংজাতীয় পৰম্পৰাগত পানীয় আছে। অসমৰ মিচিংসকলে চাউলৰ পৰা দুই ধৰণৰ আপং তৈয়াৰ কৰে। ইয়াৰে এবিধ আপঙক পাৰো আপং বা ছাই মদ আৰু আনবিধক নগিং আপং বুলি জনা যায়।
উত্তৰ-পূব ভাৰত ৰন্ধনবিদ সন্থাৰ উপাধ্যক্ষ ৰন্ধন প্ৰকৰণবিদ অতুল লহকৰৰ মতে ইষ্টৰ কেক বা এপ’প পিঠা তৈয়াৰ হৈছে ছাই মদ তৈয়াৰৰ প্ৰথমটো পর্যায়। আপ’প পিঠা তৈয়াৰত ১৬ৰ পৰা ৩৯ বিধ শাক-লতা, উদ্ভিদ, গছৰ ছাল, ডাল আদি ব্যৱহাৰ কৰা হয়। এইসমূহ কেঁচাকৈ বা ৰ’দত শুকুৱাই পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ব্যৱহাৰ কৰা হয়। পৰৱৰ্তী পর্যায়ত ভাত আৰু লতাসমূহ মাটিলৈ নমাই পৃথকে ৰখা হয়। তাৰ পাছতে পানী ঢলা হয় আৰু একোটা পিণ্ড তৈয়াৰ কৰি ৰ’দত শুকোৱা হয়।
এইসমূহে পানীয়বিধ সুগন্ধ কৰে। এই আপং তৈয়াৰত ডালচেনি পৰিয়ালৰ গছ ব্যৱহাৰ কৰিলেও আপঙৰ গোন্ধ ডালচেনিৰ দৰে নহয়। কাৰণ আপং তৈয়াৰত ডালচেনিৰ কেৱল পাতহে ব্যৱহাৰ কৰা হয়। পূর্বে তৈয়াৰ কৰা আপঙৰ পৰা কিম্বনৰ বাবে ক্ষুদ্ৰ অণুজীৱ ব্যৱহাৰ কৰা হয়। নগিং আপং মাটিৰ পাত্ৰত তৈয়াৰ কৰা হয়। এই ক্ষেত্ৰত চাউল উতলোৱা হয়। পাছত ভাত শুকাবলৈ দিয়া হয় আৰু গুড়ি কৰা এপ’প পিঠাৰ স’তে মিহলোৱা হয়।
এই মিশ্রণ পুনৰ এটা মাটিৰ পাত্ৰত ৰখা হয়। পাত্ৰটো পানীৰে ভৰাই কলপাতৰে মেৰিয়াই বন্ধ কৰি ৰখা হয়। এনেদৰে চাৰি-পাঁচদিন কিম্বন ঘটাৰ পাছত নগিন আপং পোৱা যায়। এই পানীয়ৰ ৰং ৰংচোৱা মুগা হয় আৰু সুগন্ধিযুক্ত হয়। সাধাৰণতে এই পানীয় বসন্ত কালৰ পৰা শৰৎ কাললৈ পান কৰা হয়। আনহাতে, পাৰ’ আপং বা ছাই মদ তৈয়াৰ কৰোতে ভাত শুকাবলৈ দিয়া হয় আৰু তাৰ স’তে গুড়ি ছাই মিহলোৱা হয়।
এই মিশ্রণ গছৰ ডাল-পাতৰে ঢাকি মেৰিয়াই বোকা মাটিৰে তৈয়াৰী এটা পাত্ৰত ৰখা হয়। এনে মদ তৈয়াৰৰ বাবে ২০ দিনৰ কিম্বনৰ প্রয়োজন হয়। ২০ দিন কিম্বন ঘটাৰ পাছত মিশ্রণখিনি কলপাতৰে মেৰিওৱা তাছুক নামৰ এটা বাঁহৰ পাত্ৰৰে চেকা হয়। পাছত মিশ্রণখিনিত পানী ঢালি তৰলৰ পৰিমাণ বৃদ্ধি কৰা হয়। আপং কেৱল চাউলৰ পৰা তৈয়াৰী সুৰাজাতীয় পানীয়ই নহয়, ই মিচিং আৰু আদিসকলৰ গভীৰ সাংস্কৃতিক, ধর্মীয় আচাৰ-অনুচাৰ আৰু সামাজিক গুৰুত্বও বহন কৰে।
আপং মিচিং আৰু আদি সকলৰ বিয়া-বাৰু, আদ্যশ্রাদ্ধ আদিৰ লগতে আলি- আয়ে-নৃগাং আদি উৎসৱ-পাৰ্বণতো পৰিৱেশন কৰা হয়।বাঁহৰে তৈয়াৰী তুছকৰে এনে আপং পৰিশ্ৰাৱণ কৰাটোৱে এক সাংস্কৃতিক আচাৰ-অনুচাৰ। ইয়ে বিশুদ্ধতা আৰু ধাৰাবাহিকতাক সূচায়। বর্তমানে বজাৰতো আপং পোৱা যায়। কেতবোৰ বজাৰত বৰ্তমানে এক লিটাৰ আপঙৰ পাঁচশ টকা পর্যন্ত হৈছে।
