Dubai:✒️ডুবাইত গ্ৰেপ্তাৰ ২,৫০০ কোটি টকাৰ মাদকচক্ৰৰ পাণ্ডা পৱন ঠাকুৰ।বিগত ছেপ্টেম্বৰ মাহত পৱনৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ‘ছিলভাৰ নোটিচ’ জাৰি কৰিছিল নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৱে।তাতেই যেন সাফল্য ।বিগত বৰ্ষই পৰিয়ালসহ ডুবাইলৈ পলায়ন কৰিছিল পৱনে। এইবাৰ এনচিবিৰ তৎপৰতাত অতি শীঘ্রই ভাৰতলৈ অনা হ’ব অভিযুক্তক।
২০২৪ চনৰ নৱেম্বৰ মাহত দিল্লীত জব্দ হৈছিল প্ৰায় ৮২ কিলোগ্ৰাম কোকেইন। যাৰ বজাৰ মূল্য ২৫০০ কোটি টকা। তদন্তৰ সূত্ৰ অনুসৰি পৱন ঠাকুৰে ড্ৰাগছ সৰবৰাহৰ পৰিকল্পনা কৰিছিল।সাগৰীয় বন্দৰৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছিল মাদক।
তাৰ পাছত বন্দৰৰ ওচৰৰ এটা গুদামত মাদকখনি মজুত কৰি ৰখা হৈছিল। এখন ট্ৰাকত ভৰাই দিল্লীলৈ নিয়াৰ সময়তে মাদকখিনি জব্দ হয় । কিছু সপ্তাহ পূৰ্বে ৰাজধানীত ২৮২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছিল। ইয়াৰ আঁৰতো পৱনৰ হাত আছে বুলি ধাৰণা তদন্তকাৰীৰ ।
ড্ৰাগছ সম্পৰ্কীয় তদন্তৰ উপৰিও এনফোর্ছমেন্ট ডিৰেক্টৰেট (ইডি) ভুৱা আমদানি-ৰপ্তানিৰ নথি-পত্ৰৰ জৰিয়তে পৱনে ৬৮১ কোটিৰো অধিক ধন সৰবৰাহৰ অভিযোগ উত্থাপন কৰিছে।
কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে একাধিক চমন জাৰি হোৱাৰ পাছতো ইডিৰ সন্মুখত হাজিৰ হোৱা নাই। ইয়াৰ পাছত দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে তেওঁৰ বিৰুদ্ধে নন-বেইলেবল ৱাৰেণ্ট জাৰি কৰে।
বিগত বছৰ দিল্লীত মাদক আটক আৰু পাঁচজন সহযোগীক গ্ৰেপ্তাৰ কৰাৰ পাছতে পৱন ঠাকুৰে পৰিয়ালসহ ডুবাইলৈ পলায়ন কৰে।
তাৰ পৰাই তেওঁ চলাই গৈছিল চোৰাং ব্যৱসায় আৰু ধন সৰবৰাহৰ নেটৱৰ্ক।তথ্য অনুসৰি অভিযুক্তই ডুবাইত কেবাটাও সম্পত্তিও ক্ৰয় কৰিছিল। কেবাখনো বিলাসী গাড়ীও ক্ৰয় কৰে প্ৰৱনে।
উল্লেখ্য যে,এনে এজন উচ্চ পদস্থ অপৰাধীক এইবাৰ ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে এনচিবিয়ে।
