উপাৰ্জনৰ তৃতীয় স্থানত অযোধ্যাৰ ৰাম মন্দিৰ, তালিকাত শীৰ্ষত কোন মন্দিৰ?

IMG 20251126 134007 scaled

Ayodhya:✒️অযোধ্যাত প্ৰভু ৰামচন্দ্ৰৰ মন্দিৰ স্থাপনৰ পাছৰে পৰা এই মন্দিৰে ধর্মীয় পর্যটনত এক নতুন অভিলেখ ৰচিলে। আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰ চৌহদৰ মুখ্য শিখবত পৱিত্ৰ পতাকাৰ ভব্য আৰোহণ সম্পন্ন কৰিলে।

অযোধ্যাৰ এই ৰাম মন্দিৰে ভক্তৰ পৰা দান-বৰঙণি লাভৰ ক্ষেত্ৰত বিশেষ সঁহাৰি লাভ কৰি আহিছে। অযোধ্যাত নির্মিত ৰাম মন্দিৰে বৰ্তমানলৈকে ভক্তৰ পৰা ৭০০ কোটি টকাৰ দান-বৰঙণি লাভকৰিলে।

বিগত এবছৰত উপাৰ্জনৰ ক্ষেত্ৰত অযোধ্যাৰ এই মন্দিৰে তৃতীয় স্থান লাভ কৰিলে। এবছৰত ৰাম মন্দিৰে ৭০০ কোটি টকাৰ বৰঙণি লাভ কৰাৰ বিপৰীতে উপাৰ্জনৰ ক্ষেত্ৰত দ্বিতীয় স্থানত থকা কেৰালাত পদ্মনাভস্বামী মন্দিৰে ৭৫০ৰ পৰা ৮০০ কোটি টকাৰ বৰঙণি আহৰণ কৰিলে।

উপাৰ্জনৰ ক্ষেত্ৰত মন্দিৰ হিচাপে প্রথম স্থানত আছে অন্ধ্র প্রদেশৰ তিরুপতি ভেংকটেশ্বৰ মন্দিৰ আৰু এই মন্দিৰে এবছৰত ১৫০০ৰ পৰা ১৬৫০ কোটি টকাৰ বৰঙণি লাভ কৰিলে।

উত্তৰ প্ৰদেশত ৰাম মন্দিৰ মুকলি কৰাৰ পাছত ৰাজ্যখনৰ অর্থনীতিত এই মন্দিৰে এক নতুন জোৱাৰ সৃষ্টি কৰিছে। বিশেষকৈ অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ পাছত বাণিজ্যিক কাম-কাজ যথেষ্ট বৃদ্ধি পাইছে। অযোধ্যাত ধর্মীয় পৰ্যটনৰ আধাৰত নিয়োজনৰ সুযোগ দ্রুতগতিত বৃদ্ধি পাইছে।

বিশেষকৈ গেষ্ট হাউছ, হোটেল আদিৰ চাহিদা কে’বাগুণ বৃদ্ধি পালে। বর্তমানে অযোধ্যাত ১১০০ ৰো অধিক পঞ্জীকৃত হোমস্টেয়ে প্রতিমাহে দুই লাখ টকালৈকে উপার্জন কৰিছে। ৰাম মন্দিৰ মুকৰি কৰাৰ পাছত অযোধ্যাৰ স’তে যোগাযোগ ব্যৱস্থাও যথেষ্ট উন্নত হৈছে। বন্দে ভাৰত ৰেলৰ সেৱাও উপলব্ধ হৈছে। অযোধ্যাত আন্তর্জাতিক বিমানবন্দৰ স্থাপনৰ ফলত বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে।

Exit mobile version