Delhi:✒️দিল্লী বিস্ফোৰণৰ পাছত আশংকাত ভাৰত ভ্ৰমণ বাতিল কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে!ইজৰাইলৰ সংবাদ মাধ্যমে প্ৰকাশ কৰে এই কথা। এই পৰিস্থিতিত এইবাৰ মুখ খুলিলে খোদ নেতানিয়াহুৱে ।
তেওঁৰ কাৰ্যালয়ে জনাইছে যে,ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ ভাৰতৰ নিৰাপত্তাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। শীঘ্ৰে ঘোষণা কৰা হ’ব তেওঁৰ ভাৰত ভ্ৰমণৰ নতুন তাৰিখ।
চলিত বৰ্ষৰ ডিচেম্বৰ মাহত ভাৰত ভ্ৰমণৰ কথা আছিল নেতানিয়াহুৰ। তাৰ পাছতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো সাক্ষাৎ কৰাৰ পৰিকল্পনা আছিল। কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে এতিয়াৰ বাবে সকলো পৰিকল্পনা বাতিল কৰিছে।
ইয়াৰ পাছতে নেতানিয়াহুৰ কাৰ্যালয়ে এক্স-হেণ্ডেলত লিখিছে,”মোডীৰ শাসনত ভাৰতৰ নিৰাপত্তাৰ ওপৰত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সম্পূৰ্ণ আস্থা আছে। ভাৰত ভ্ৰমণৰ নতুন তাৰিখ সন্দৰ্ভত আলোচনা চলি আছে। ভাৰত-ইজৰাইলৰ সম্পৰ্ক অতি শক্তিশালী। ইয়াৰ উপৰিও দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ মাজৰ সম্পৰ্কও যথেষ্ট গভীৰ।”
২০১৮ চনত শেষবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে। ইজৰাইলৰ স’তে ভাৰতৰ সম্পৰ্ক সুদৃঢ় হৈছে। পহলগাম আক্ৰমণৰ পাছত নেতানিয়াহুৱে মোডীক ফোন কৰে। দুয়োজনে ইজনে সিজনক জন্মদিনৰো শুভেচ্ছা জনায়।
ভাৰত আৰু ইজৰাইলে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয়ত ইজনে সিজনৰ কাষত থিয় দিছে। এনে পৰিস্থিতিত নেতানিয়াহুৱে ভাৰত ভ্ৰমণৰ বাবে যথেষ্ট আগ্ৰহী বুলি ইজৰাইলৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।
