Four Congress leaders arrested by cyber crime Cell:
প্ৰবীন অভিনেতা অমিতাভ বচ্চনৰ বহু জনপ্ৰিয় কোন বনেগা কৌৰৰপটি’ চমুকৈ KBC ত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে AI ব্যৱহাৰ কৰি ভিডিঅ’ নিৰ্মাণেৰে সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অভিযোগত আটক প্ৰাক্তন কংগ্ৰেছ বিধায়ক সহ চাৰি কংগ্ৰেছীক ৷
আটকাধীন কংগ্ৰেছ নেতা কেইজন হ’ল চাবুৱাৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু,বাহাৰুল ইছলাম,জীৱেশ্বৰ নাথ আৰু উপেন ৰাজ নাথ ৷
বুধবাৰে ৰাজ্যিক বিজেপিয়ে এজাহাৰ দাখিল কৰিছিল ৷এই এজাহাৰৰ ভিত্তিত আজি অসম আৰক্ষীৰ চাইবাৰ ক্ৰাইম বাঞ্চে গ্ৰেপ্তাৰ কৰে চাৰিওজন কংগ্ৰেছ নেতাক ৷
