Theft Arrested:
মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ টিঘিলঘিলনী ৷ দিনদুপৰতে ক’ৰ বাত যদি চোৰৰ চাফাই অভিযান ৷ আন ক’ৰবাত অকলশৰীয়া মহিলাৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিয়ে সোণৰ চেইন ৷ এই ধৰণৰ ঘটনা মহানগৰীত নিতৌ সংঘটিত হৈছে ৷ ফুট গধুলীতে নিজৰ ঘৰ এৰি যাব নোৱাৰা হৈছে মহানগৰবাসী ৷
এনে অপৰাধীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীয়ে অব্যাহত ৰখাৰ মাজতে বশিষ্ঠ আৰক্ষীৰ জালত পৰে ছয়জনকৈ গভাইত চোৰ ৷ বিশেষ সূত্ৰৰ পমখেদি আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন স্থানৰ পৰা আটক কৰা চোৰ কেইটা হল কার্বি আংলঙৰ চেমচন চেব ৰেংমা,বনগাঁৱৰ শান্তনু দাস,গড়চুকৰ মনোজ বড়ো,সাউকুছিৰ হীৰেন্দ্ৰ কুমাৰ বড়ো,চানিদুল ইছলাম, আৰু টংলাৰ নিতুল বড়ো ৷ আৰক্ষীয়ে চোৰ কেইটাৰ পৰা এযোৰ সোণৰ খাৰু,ছটা ৰন্ধন গেছৰ চিলিণ্ডাৰ,এটা পানীৰ মটৰ সহ বহু লোৰ পাইপ জব্দ কৰে ৷
