Dantewada:✒️চত্তীশগড়ত ৩৭টা মাওবাদীৰ আত্মসমৰ্পণ।দান্তেৱাড়া জিলাৰ চি আৰ পি এফ আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ওচৰত তেওঁলোকে আত্মসমৰ্পণ কৰে। তেওঁলোকৰ সকলোৰে মুঠ মূৰৰ মূল্য আছিল ৬৫ লাখ টকা।
আত্মসমৰ্পণ কৰাসকলৰ ভিতৰত আছে ১২ গৰাকী মহিলা।দেওবাৰে দন্তেৱাড়াৰ আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ে জনোৱা অনুসৰি ,আত্মসমৰ্পণ কৰা ২৭ জনৰ মূৰৰ দাম ঘোষণা কৰা হৈছে।
আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি,আত্মসমৰ্পণ কৰাসকলক চৰকাৰে মাওবাদীৰ পুনৰ্বাসন আঁচনিৰ সুবিধা প্ৰদান কৰিব ।
শেহতীয়াকৈ চত্তীশগড়ত বহু মাওবাদীয়ে আত্মসমৰ্পণ কৰা দেখা গৈছে। চত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাইয়ে যোৱা মাৰ্চ মাহত ‘নক্সেল আত্মসমৰ্পণ আৰু ভুক্তভোগী পুনৰ্বাসন নীতি ২০২৫’ ঘোষণা কৰিছিল।
উল্লেখ্য যে,চৰকাৰী তথ্য অনুসৰি বিগত ২০ মাহত কেৱল দন্তেৱাদা জিলাতে ৫০০ৰো অধিক মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। বিগত ২৩ মাহত সমগ্ৰ চত্তীশগড় ৰাজ্যত ২২০০ৰো অধিক মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে , য’ত কেবাজনো শীৰ্ষ নেতাও আছে।
