সাতটকীয়া কণীৰ মূল্য ১০ টকালৈ বৃদ্ধি অসমত

egg

Eggs:✒️শীতকাল আৰম্ভ হোৱাৰ লগে লগে দেশৰ বজাৰত পূৰ্বৰ তুলনাত এইবাৰ অধিক পৰিমাণত বৃদ্ধি হৈছে কণীৰ মূল্য। সেই সুযোগেই গ্ৰহণ কৰি অসাধু ব্যৱসায়ীয়ে অসমত অস্বাভাৱিক ৰূপত বঢ়াইছে কণীৰ মূল্য। ইয়াৰ প্ৰভাৱ সাধাৰণ গ্ৰাহকৰ পৰা আৰম্ভ কৰি চৰকাৰী স্তৰলৈও পৰিছে; অথচ ইয়াকে লৈ সকলো নিমাত।

এখন বিয়াগোম বিধানসভাৰ অধিবেশনো এই মূল্যবৃদ্ধিৰ জোৱাৰৰ মাজতে পাৰ হৈ গ’ল। শাসক পক্ষ বাদেই, বিৰোধীৰো এষাৰ মাত মাতিবলৈ অৱকাশ নোলাল। কণীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্রভাৱ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনতো পৰিছে। নাম প্রকাশত অনিচ্ছুক প্রাথমিক বিদ্যালয়ৰ লগত জড়িত শিক্ষক সংস্থা এটাৰ বিষয়ববীয়াই কয় যে মধ্যাহ্ন ভোজনত মাজে সময়ে পইচাৰ নাটনি হ’লে এটা কণীক দুভাগ কৰি ছাত্র-ছাত্রীক যোগান ধৰা হয়। সেইখিনি কৰিবলৈও এতিয়া ১০ বাৰ ভাবিবলগীয়া হৈছে।

ভাৰতত কণীৰ বজাৰ নিয়ন্ত্ৰণ কৰি আহিছে নেচনেল এগ কো-অর্ডিনেচন কমিটী (এনইচিচি) য়ে। সংস্থাটোরে শেহতীয়াকৈ সদৰী কৰা অনুসৰি, যোৱা ২১ নৱেম্বৰৰ পৰা উৎপাদনস্থলীতে কণীৰ মূল্য বৃদ্ধি হয়। অন্ধ্র প্রদেশৰ কে’বাখনো জিলাৰ লগতে তামিলনাডুৰ নমক্কালতে ভাৰতৰ ভিতৰত সৰ্বাধিক কণী উৎপাদন হয়।

আজিৰ দিনটোত এই উৎসস্থলীত এক প্লেট কণীৰ পাইকাৰী মূল্য ১৮৩ টকা আৰু এটা কণীৰ মূল্য ৬.১০ টকা। একেদৰে এক কার্টন কণীৰ মূল্য ১,২৮১ টকা। যোৱা ২২ নৱেম্বৰৰ পৰাই এই মূল্য বাহাল আছে। এনইচিচিৰ মতে, উক্ত মূল্যৰ ভিত্তিত এটা কণীৰ খুচুৰা মূল্য হ’ব লাগে সর্বাধিক ৬.৪৭ টকা। এনেদৰে এক প্লেটৰ মূল্য হ’ব লাগে ১৯৩.৯৮ টকা।

পৰিবহণ ব্যয়ৰ ভিত্তিত এনইচিচিৰ মতে অকল গুৱাহাটীৰ বজাৰত প্ৰতিটো কণীৰ পাইকাৰী মূল্য হ’ব লাগে ৬.৬৮ টকা। এক প্লেটৰ মূল্য হ’ব লাগে ২০০.৪০ টকা আৰু এক কার্টন কণীৰ মূল্য হ’ব লাগে ১৪০৩ টকা। ইয়াৰ বিপৰীতে অসমত এক কার্টন কণীৰ মূল্য আজি ১৫৮০ টকা পর্যন্ত বৃদ্ধি হয়।

একেদৰে প্ৰতি প্লেটৰ মূল্যবৃদ্ধি হয় ২৪০ৰ পৰা ২৬০ টকা পর্যন্ত। ইয়াৰ ভিত্তিতে প্রতিটো কণীৰ মূল্য খুচুৰা বজাৰত ঠাই বিশেষে ১০ টকা পর্যন্ত বৃদ্ধি হয়। এনেদৰে নিশাৰ ভিতৰতে ৩০ৰ পৰা ৪০ টকা পর্যন্ত প্রতি কার্টন আৰু প্রতি প্লেট কণীৰ মূল্য বৃদ্ধি হোৱাৰ ফলত বজাৰত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আগন্তুক দিনত এই মূল্য অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে।

কিয়নো এনইচিচিয়ে আশংকা ব্যক্ত কৰিছে যে ডিচেম্বৰত উৎসতে কণীৰ মূল্যবৃদ্ধি হোৱাৰ সম্ভাবনা প্রবল।দেশৰ বজাৰত হোৱা মূল্যবৃদ্ধিৰ সুযোগ লৈ অসমত অভাৱনীয় ৰূপত কণীৰ দাম বৃদ্ধি হোৱা বিষয়টো লক্ষ্যণীয় হৈ পৰিছে। অসমত কণীকে ধৰি বহিঃৰাজ্যৰ পৰা আমদানি কৰা প্ৰতিবিধ সামগ্ৰীৰ মূল্য অসাধু চক্ৰৰ দৌৰাত্ম্যুত ভয়ংকৰ ৰূপত ঊর্ধ্বগামী হৈ আহিছে।

ইয়াৰ স্পষ্ট প্রমাণ হ’ল যোৱা ছেপ্টেম্বৰৰ শেষত সম্পন্ন হোৱা বিটিচিৰ নিৰ্বাচন। এই নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনাই ৰাজ্যৰ বজাৰত কণী আৰু কুকুৰাৰ মূল্য আকস্মিকভাবে ৩০ টকা পর্যন্ত অবনমিত হয়। প্রশাসন সলনি হোৱাৰ লগে লগে বজাৰত পৰা এই প্ৰভাৱে অসম-পশ্চিমবংগ সীমান্ত আৰু ৰাষ্ট্ৰীয় ঘাইপথত চলা ছিণ্ডিকেট চক্ৰৰ দৌৰাত্ম্যকে প্রতিফলিত কৰিছে। তাৰে দুমাহ পাছত সৃষ্টি হোৱা কণীৰ মূল্যৰ জুই ছাই দামৰ অন্তৰালত পুনৰ তেনে চক্র সক্রিয় হৈ উঠা বুলি অভিযোগ উত্থাপিত হৈছে।

তেনে চক্ৰৰ শিবিৰ সম্প্রতি সলনি হোৱা বুলি অন্ধ্র প্ৰদেশৰ পৰা ট্রাকেৰে কণী আমদানি কৰা বৃহৎ ব্যৱসায়ীৰ সূত্ৰই সদৰী কৰে। তাৰ পৰিণতিতে একাংশ পাইকাৰী ব্যৱসায়ীয়ে মূল্য বঢ়াবলৈ বাধ্য হোৱাত খুচুৰা বজাৰত ইয়াৰ প্ৰভাৱ পৰিছে। অসমত চাহিদাৰ বিপৰীতে কণীৰ যোগান যথেষ্ট কম হোৱাটোৱে এনে চক্রক লুণ্ঠনত অধিক সহায় কৰিছে।

উল্লেখ্য যে ৰাজ্যখনত কণীৰ দৈনিক চাহিদা ৫০ লাখ। ইয়াৰ বিপৰীতে অসমত দৈনিক উৎপাদন হয় সর্বাধিক ১৭ লাখ কণী। ফলস্বৰূপে অসমে বহিঃৰাজ্যৰ ওপৰতে নিৰ্ভৰ কৰিব লাগে। বহিঃৰাজ্যৰ পৰা দৈনিক আগমন হোৱা ট্ৰাকৰ পৰা ছিণ্ডিকেট আৰু কমিছন চক্ৰই বজাৰৰ চাহিদাৰ ভিত্তিত আদায় কৰি আহিছে ভিন ভিন পৰিমাণৰ ধন। তাৰ ওপৰতে নিৰ্ভৰ কৰি ৰাজ্যৰ কণীৰ বজাৰখনৰ মূল্যতো উঠা-নমা চলি আহিছে।

Exit mobile version