ৰাজস্থানত উদ্ধাৰ ট্ৰাক ভৰ্তি বিস্ফোৰক! গ্ৰেপ্তাৰ দুজন 

1764741947 rajasthan

ট্ৰাকেৰে কঢ়িয়াই নিছিল বিস্ফোৰক ভৰ্তি কাৰ্টন। ৰাজস্থানৰ উদ্ধাৰ হৈছে মুঠ ১০৯ বিস্ফোৰক কাৰ্টন ।বিস্ফোৰক ভৰ্তি ট্ৰাকখনৰ পৰা উদ্ধাৰ হৈছে ৯৮১টা জেলেটিন ষ্টিক, ৯৩টা ডিটনেটৰ আৰু এটা ছেফটি ফিউজ ।

দাবী কৰা হৈছে যে উদ্ধাৰ হোৱা বিস্ফোৰক পদাৰ্থৰ পৰিমাণে বিস্ফোৰণস্থলীৰ আশে-পাশে ১০ কিলোমিটাৰ পৰ্যন্ত অঞ্চলত ক্ষতিসাধন কৰিব পাৰে।

গোপনীয় সূত্ৰৰ জৰিয়তে বিস্ফোৰক সৰবৰাহ সন্দৰ্ভত আৰক্ষীৰ পূৰ্ব তথ্য আছিল।

একেদৰে ৰাজস্থানৰ মেৱাৰ জিলাৰ ৰাজসামন্দতো আৰক্ষী জোৱানসকলে আগতীয়াকৈ প্ৰস্তুতি চলাইছিল। সেই চহৰৰ মাজেৰে ট্ৰাকখন পাৰ হৈ যাব বুলি খবৰ আহিল। তাৰ পাছতে আজি ৰাজসামন্দৰ পথত বেৰিকেড লগাই আৰক্ষীয়ে তালাচী আৰম্ভ কৰে।

সেই অভিযানত এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হৈছে বিস্ফোৰক ভৰ্তি কাৰ্টুন।ট্ৰাকখনত থকা দুজন লোক ভাগৱত সিং আৰু হিম্মত সিঙকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰ অনুসৰি দুয়োজনেই ৰাজস্থানৰ বাসিন্দা।

কি কাৰণত ইমান বৃহৎ পৰিমাণৰ বিস্ফোৰক লৈ যোৱা হৈছিল, আৰু ক’লৈ লৈ যোৱা হৈছে, তাৰ সন্তোষজনক উত্তৰ দিব পৰা নাছিল ভাগৱত আৰু হিম্মতে। যাৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।

দৰাচলতে ৰাজস্থানৰ বিভিন্ন ঠাইত শিলৰ কুৱেৰী আছে। কোনোবা অবৈধ শিল কুৱেৰীৰ বাবে বিস্ফোৰক খিনি লৈ যোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে এই কথা অধিক নিশ্চিত কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Exit mobile version