Horoscope :✒️মেষ: পৰিৱেশ অনুকূল থাকিব। ঘৰত কোনো প্রিয়জনৰ আগমন ঘটিব পাৰে। নতুন কোনো কামত সফল হ’ব পাৰিব। বিশেষ কিবা পৰিৱৰ্তনৰ আশা নকৰাই ভাল। আর্থিক উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। ব্যৱসায়ত উন্নতি। প্রেমত অশুভ ফল। শুভ ৰং বগা।
বৃষ: সাংসাৰিক দিশত মানসিক আঘাত পাব পাৰে। ক্রোধ নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক। দুপৰীয়াৰ পাছত আর্থিক ক্ষেত্রত ভাল ফল আশা কৰিব পাৰি। বাধাৰ মাজেৰে কৰ্মত সাফল্যৰ যোগ। ব্যৱসায়-বাণিজ্যত মধ্যম ফলদায়ক। শুভ ৰং হালধীয়া।
মিথুন: শুভ বুধৰ প্ৰভাৱত আয় উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। কর্মক্ষেত্রত অশান্তি। বুধ শুভ হোৱাৰ বাবে ব্যৱসায়-বাণিজ্যত উন্নতি অব্যাহত থাকিব। নতুন যোগাযোগৰ ক্ষেত্ৰত সাফল্য আহিব। দিনটোত নতুন কোনো পৰিকল্পনা গ্রহণ কৰিব পাৰে। শুভ ৰং সেউজীয়া।
কর্কট: মনৰ অৱস্থা বিশেষ ভালেৰে নাযাব। একাধিক সুযোগ সুবিধা বেয়া হ’ব পাৰে। বিভিন্ন কাৰণত দিনটোত আর্থিক ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব। পাৰিবাৰিক দিশত কিবা বিষয় লৈ কোনোবাৰ লগত মতান্তৰ দেখা দিব পাৰে। ভ্ৰমণৰ যোগ।প্ৰেমত শুভ। শুভ ৰং নীলা।
সিংহ: পাৰিবাৰিক দিশত অশুভ। পত্নীৰ কাৰণে চিন্তা। অশুভ ৰাহুৰ কাৰণে আয় উন্নতিৰ ক্ষেত্ৰত বাধা থাকিব। ব্যৱসায়-বাণিজ্যত অৱশ্যে সিমান বেয়া নহ’ব। পাৰিবাৰিক বিষয় লৈ কাজিয়া-পেচালৰ সম্ভাৱনা। শুভ ৰং বেঙুনীয়া।
কন্যা: পৰিশ্ৰমৰ অনুপাতে দিনটোত আয় উন্নতি কম হ’ব। শত্রুপক্ষৰ বিৰোধিতাৰ সম্মুখীন হ’ব পাৰে। শাৰীৰিক দিশত অৱশ্যে শান্তি বজাই থাকিব। কর্মক্ষেত্রত সহকর্মীৰ সহযোগিতা পাব। ব্যৱসায়-বাণিজ্যৰ বাবে দিনটো মধ্যম ফলদায়ক। প্রেম আৰু দাম্পত্যত শুভ। শুভ ৰং বগা।
তুলা: বিশেষ কোনো গুণৰ বাবে সন্মান প্ৰাপ্তিৰ যোগ। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। আর্থিক ক্ষেত্রত দিনটো শুভ যদিও মানসিক অশান্তি থাকিব। শুভ ৰং সেউজীয়া।
বৃশ্চিকঃ শনি অশুভ হোৱা বাবে খং-ৰাগ অত্যধিক বৃদ্ধি পাব। অনাৱশ্যক কাৰণত টক-পইচা ঋণ ল’ব লগা হ’ব পাৰে। অৱশ্যে দিনটোত মনৰ আশা পূৰণৰ যোগ দেখা যাব। শুভ ৰং হালধীয়া।
ধনুঃ শাৰীৰিক দিশত আঘাত প্ৰাপ্তিৰ যোগ। গতিকে চলাফুৰাত সতর্ক থাকিব। কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব যদিও সেই অনুপাতে আর্থিক উন্নতিৰ ক্ষেত্ৰত বাধা থাকিব। কর্মত উৎসাহ বৃদ্ধি পাব। বিদ্যার্থীৰ মধ্যম ফল। শুভ ৰং বগা।
মকৰ: কৰ্মক্ষেত্ৰত খ্যাতি আৰু সুনাম বৃদ্ধিৰ যোগ। কিছুক্ষেত্ৰত ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হ’ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত মধ্যম ফলদায়ক হ’ব। আবেলিৰ ভাগত আর্থিক ক্ষেত্ৰত পৰিৱৰ্তন লক্ষ্য কৰা যায়।
কুম্ভ: কর্মক্ষেত্রত দায়িত্ব বৃদ্ধি পাব। আর্থিক উন্নতিৰ বাবে কৰা চেষ্টাত সাফল্য আহিব। আর্থিক ক্ষেত্রত দিনটো শুভ ফলদায়ক হ’ব যদিও দৈনন্দিন খৰচৰ পৰিমাণ আৰু বৃদ্ধি পাব। শুভ ৰং ৰঙা।
মীন: মীনৰাশিৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি। আবেলি ভাগত কিছু জামেলা দেখা দিব পাৰে। বৃহস্পতিৰ প্ৰভাৱত নিবনুৱা জাতক-জাতিকাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। ব্যৱসায়-বাণিজ্যত শুভ ফলদায়ক হ’ব। শুভ ৰং হালধীয়া।
