ভ্ৰমণ কৰি ভাল পায়? ভ্ৰমণৰ পূৰ্বে সহায় ল’ব পাৰে এইকেইটা এপৰ 

1718018865 travel 1

বাছ বা বিমানেৰে যাত্রা কৰাতকৈ ৰেলৰ জৰিয়তে যাত্রা কৰাটো বেছি আৰামদায়ক আৰু সুলভ বিকল্প বুলি গণ্য কৰা হয়। ৰেলযোগে সঘনাই যাত্ৰা কৰি থকাসকলৰ বাবে বহু সময়ত টিকট বুকিঙৰ বাবে সহজ আৰু নিৰ্ভৰযোগ্য এপ থকাটো অতি জৰুৰী হৈ পৰে।

আজি এনে কিছু ৰেলৰ টিকট বুকিং এপৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে য’ত দ্রুত আৰু সহজ প্রক্রিয়াৰে নিশ্চিত টিকট (Confirmed Ticket) পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি থাকে।

আইআৰচিটিচি ৰেল কনেক্ট এপ: এই এপটো হৈছে ভাৰতীয় ৰে’ল বিভাগৰ নিজাববীয়া এপ। ইয়াত তৎক্ষণাত বুকিং, টিকটৰ নিশ্চিতকৰণ অৱস্থা পৰীক্ষা, আসন নির্বাচন, ৰেলৰ সময়সূচী আৰু পিএনআৰ স্টেটাছ আদি চোৱাৰ সুবিধা লাভ কৰিব পাৰিব পাৰি।

কনফার্ম টিকট: কনফার্ম টিকেট (Confirm Tkt) এপে সহজে নিশ্চিত টিকটৰ সুবিধা প্রদান কৰে। যদি কোনো গ্রাহকৰ টিকট অপেক্ষা তালিকাত আছে, তেন্তে এই এপে টিকট নিশ্চিত হোৱাৰ সম্ভাৱনা অনুমান কৰাত সহায় কৰে। ইয়াৰ উপৰি এই এপৰ জৰিয়তে তৎকাল টিকটো বুক কৰিব পাৰি।

পেটিএম: অনলাইন পেমেন্ট আৰু বুকিঙৰ বাবে বিখ্যাত পেটিএম এপৰ জৰিয়তেও ৰেলৰ টিকট বুকিং কৰিব পাৰি। ই কেছবেক অফাৰ আৰু নিশ্চিতকৰণ ভৱিষ্যদ্বাণীৰ দৰে সুবিধা প্রদান কৰে।

মেক মাই ট্রিপ: এইটো এপৰ জৰিয়তে গ্রাহকে ৰেল, বিমান, বাছ আৰু হোটেল আদি বুকিঙৰ সুবিধা সকলো প্লেটফর্মতে পাব পাৰে। ইয়াত গ্রাহকে ৰেলৰ টিকট বুক কৰিলে বিভিন্ন অফাৰ আৰু ৰেহাইও পাব পাৰে। লগতে ইয়াত ভ্রমণ বীমাৰ সুবিধাও দিয়া হৈছে, যাৰ ফলত যাত্ৰা অধিক নিৰাপদ হৈ পৰিব পাৰে।

গ’ইবিব’: গ’ ইবিব’ এটা জনপ্রিয় এপ। ইয়াত ৰেলৰ সময়সূচী, পি এন আৰৰ অৱস্থা পৰীক্ষা আৰু নিশ্চিতকৰণ ভবিষ্যদ্বাণীৰ দৰে সুবিধা লাভ কৰিব পাৰি। এপটোত বহু ধৰণৰ অফাৰ আৰু কেছবেকো উপলব্ধ, যাৰ ফলত টিকটৰ বুকিং সস্তা হয়

Exit mobile version