Himachal Pradesh:✒️ছাদত চলি আছিল বিয়াৰ অনুষ্ঠান।উপস্থিত আছিল শ শ অতিথি। নাচ-গানেৰে উখল-মাখল পৰিৱেশ। অনুষ্ঠানৰ মাজতে হঠাৎ লাগিল বিপত্তি । হঠাৎ সৰি পৰিল ছাদৰ এটা অংশ।ইয়াৰ পাছতে সৃষ্টি হয় আতংকৰ।
শেহতীয়াকৈ এই ভয়াৱহ ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশত। ইয়াৰ স’তে জড়িত এটা ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা যায় যে ছাদত বিয়াৰ অনুষ্ঠান চলি আছিল। বহু লোক উপস্থিত আছিল।
নাচ-গান আৰু আনন্দৰ মাজতে হঠাতে ছাদৰ এটা অংশ ভাঙি পৰিল আৰু কেবাজনোলোক তললৈ পৰিল। এই ঘটনাত প্ৰায় ৪০ জন লোক আহত হয়।
উল্লেখ্য যে,আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।সম্প্ৰতি তেওঁলোক চিকিৎসাধীন হৈ আছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ইয়াৰে একাংশ গুৰুতৰভাৱে আহত হৈছে।
কিন্তু কি কাৰণত ছাদখন ভাঙি পৰিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে অত্যধিক জনসমাগমৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।
