শিশুৰ স্বাস্থ্যৰ বিকাশত কি খুৱাব ? 

How to Cook Eggs 1 horiz

Egg:✒️আঠৰ পৰা আৰম্ভ কৰি ৮০ বছৰীয়ালৈকে প্রায় সকলোৰে পছন্দৰ তালিকাত আছে কণী। কিন্তু বগা কণী নে ৰঙচুৱা বাকলিৰ কণী বেছি ভাল বা কোনটো খোৱা বেছি উপকাৰী, ইয়াক লৈ বহুতৰে মনত দ্বন্দ্ব আছে।

ইউনাইটেড স্টেটছ ডিপার্টমেন্ট অব এগ্রিকালচাৰ (ইউ এছ ডি এ)ৰ গৱেষকৰ মতে, এটা প্রায় ৫০ গ্রাম ওজনৰ কণীত ৭২ কেলৰি আৰু ৪.৭৫ গ্রাম চৰ্বি (যাৰ ভিতৰত দ্রবণীয় মাত্র ১.৫ গ্রাম) থাকে। বগা আৰু ৰঙচুৱা কণীত এই পুষ্টিগুণৰ পৰিমাণ প্রায় সমান।

সেয়ে ৰঙা বা বগা বাকলিৰ কণীৰ খাদ্যগুণ বা পুষ্টিগুণ যে প্রায় সমান, সেই কথা বিশ্বৰ অধিকাংশ পুষ্টিবিদেই মানি লৈছে।

এটা কথা নিশ্চয় মন কৰিছে যে কণীৰ কুহুমৰ ৰঙো দুই প্ৰকাৰৰ হয়, হালধীয়া আৰু কমলা। কিন্তু কোন বঙৰ কুহুমৰ কণী বেছি স্বাস্থ্যকৰ জানেনে?

অধিকাংশ মানুহৰে ধাৰণা যে কুহুমৰ ৰং যিমানেই গাঢ়, সেই কণী সিমানেই স্বাস্থ্যকৰ। কিন্তু এই ধাৰণা বাৰু কিমান সঠিক?

ইউ এছ ডি এৰ গৱেষকৰ মতে, কুহুমৰ ৰং নিৰ্ভৰ কৰে প্ৰধানকৈ মুৰ্গীৰ খাদ্যৰ ভিত্তিত। আনহাতে, কণীৰ কুহুমৰ ৰং কমলা হয় কেৰ’টিনয়েড নামৰ এক প্ৰকাৰৰ ৰাসায়নিকৰ প্রভাৱত।

মুর্গীয়ে যিমানেই বেছিকৈ মুকলি স্থানত চৰি ফুৰাৰ সুযোগ পাব, সেই মুৰ্গীৰ কণী সিমানেই গাঢ় ৰঙৰ হ’ব। বহু ফাৰ্মত মুর্গীক কেৰ’টিনয়েড সমৃদ্ধ খাদ্য যোগান ধৰা হয়।

যাৰ প্ৰভাৱত সেইবোৰ মুৰ্গীৰ কণীৰ কুহুমৰ ৰং কমলা হয়। মার্কিন গৱেষকসকলৰ মতে, দুটা কাৰণত মুৰ্গীৰ কণীৰ কুহুমৰ ৰং গাঢ় হ’ব পাৰে। প্ৰথম, মুর্গীয়ে মুকলি স্থানত যিমান বেছি ঘূৰি ফুৰাৰ সুযোগ পাইছে আৰু প্ৰাকৃতিক খাদ্যৰ পৰা পুষ্টি আহৰণ কৰিছে।

দ্বিতীয়, মুর্গীক বিশেষ ধৰণৰ খাদ্য খাবলৈ দিয়া হৈছে।গৱেষকসকলৰ মতে, ফাৰ্মৰ যিকোনো মুৰ্গীৰ তুলনাত প্রাকৃতিক উপায়েৰে পুষ্টিকৰ খাদ্য বিচাৰি খোৱা মুৰ্গীৰ কণীত ভিটামিন ‘ই’, ভিটামিন ‘এ’ আৰু অ’মেগা থ্রী ফেটি এচিডৰ পৰিমাণ বহু বেছি থাকে।

লগতে কুহুমৰ ৰঙো গাঢ় হয়। সেয়ে কুহুমৰ ৰং যাতে গাঢ় হালধীয়া বা কমলা হয়, তাৰ বাবে বহু ফাৰ্মৰ গৰাকীয়ে মুর্গীক কেৰ’টিনয়েড সমৃদ্ধ খাদ্য যেনে ৰঙা কেপছিকাম খুৱায়। কিন্তু ইয়াৰ ফলত কুহুমৰ খাদ্যগুণ বা পুষ্টিগুণত বৰ বেছি পার্থক্য নহয়।

Exit mobile version