৩০ দিনৰ ভিতৰত দলীয় সংবিধানৰ প্ৰতিলিপি জমা দিয়ক

ৰাজনৈতিক দলসমূহক চিঠি দি জনালে নিৰ্বাচন আয়োগে

IMG 20251209 155642

Constitution:✒️দেশৰ সকলো স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলক ৩০ দিনৰ ভিতৰত নিজৰ দলীয় সংবিধানৰ প্ৰতিলিপি দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে।

ৰাজনৈতিক দলসমূহৰ পঞ্জীয়ন আৰু কাৰ্য্যকলাপৰ ক্ষেত্ৰত নিৰ্দিষ্ট নিয়ম প্ৰণয়ন কৰিব বিচৰা উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোচৰৰ প্ৰেক্ষাপটত আয়োগৰ এই নিৰ্দেশক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

সোমবাৰে আয়োগে স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ মুৰব্বীসকললৈ এখন পত্ৰ প্ৰেৰণ কৰি কয় যে সংশ্লিষ্ট দলৰ সংবিধান যদি কিবা পৰিৱৰ্তন বা সংশোধনী হৈছে তেন্তে ইয়াৰ উল্লেখৰ লগতে আয়োগক দাখিল কৰিব লাগে।

বিষয়টোৰ গুৰুত্বৰ কথা উল্লেখ কৰি আয়োগে কয় যে দলৰ সংবিধানত এটা দলৰ লক্ষ্য সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য পোৱা যায়। গতিকে গণতান্ত্ৰিক পদ্ধতিৰে কাম-কাজ চলোৱাৰ বাবে দলীয় সংবিধান অতি প্ৰয়োজনীয় বুলি আয়োগে জনাইছে।

আয়োগৰ সূত্ৰ অনুসৰি একাংশ ৰাজনৈতিক দলে দীৰ্ঘদিন ধৰি নিজৰ দলীয় সংবিধান সন্দৰ্ভত আয়োগক অৱগত কৰা নাই। সূত্ৰটোৱে দাবী কৰিছে যে আয়োগে দলসমূহৰ সংবিধানসমূহ তেওঁলোকৰ ৱেবছাইটত আপলোড কৰাৰ চেষ্টা চলাইছে।তেনে ক্ষেত্ৰত যিকোনো ব্যক্তিয়ে ৱেবছাইটত গৈ দলৰ সংবিধান চাব পাৰিব।

Exit mobile version