APW Case Field:মীন বিভাগত সংঘটিত বিয়াগোম দুৰ্নীতিৰ বিৰুদ্ধে ইডিত গোচৰ ৰজু এপিডব্লিউৰ

edooo

APW Case Field:

ৰাজ্য চৰকাৰৰ মীন বিভাগত সংঘটিত হোৱা কেতবোৰ দুৰ্নীতিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে এপিডব্লিউৰ। যাৰবাবে সংগঠনটোৱে প্রাক্তন সঞ্চালক নিৰ্মল কান্তি দেৱনাথ আৰু প্ৰকল্প সঞ্চালক ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মনৰ বিৰুদ্ধে ইডিত এজাহাৰ দাখিল কৰে ৷ এজাহাৰ দাখিল কৰে এপিডব্লিউৰ বিষয়ববীয়া ঘনশ্যাম কলিতাই ৷

উল্লেখ্য পূৰ্বতে চিআইডিত ১৬/২৫ নম্বৰত দুর্নীতি-অনিয়মৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ হৈছিল মীন বিভাগৰ ন’ডেল বিষয়া সঞ্জয় তামুলী ৷

এপিডব্লিউয়ে পুনৰ ইডিত মীন বিভাগত দুৰ্নীতি- অনিয়মৰ আশ্ৰয় লোৱা দুই বিষয়াৰ বিৰুদ্ধে ইডিত সুকীয়াকৈ গোচৰ তৰাৰ পিছত আন বহু ৰৌ -বৰালী জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

Exit mobile version