Horrific murder in Patacharkusi:পাটাছাৰকুছিত চাঞ্চল্যকৰ হত্যাকাণ্ড

নিজ বাসগৃহতে মহিলাক হত্যা দুর্বৃত্তৰ, সন্দেহত আটক ৰাজমিস্ত্রীক

murder

Horrific murder in Patacharkusi:

বজালীৰ পাটাছাৰকুছিত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ নিজ বাসগৃহত এগৰাকী মহিলাক হত্যা দুৰ্বৃত্তৰ ৷ ঘৰত কোনো নথকাৰ সূযোগ গ্ৰহণ কৰি অকলশৰীয়া মহিলাক গৰাকীক হত্যা কৰি পলায়ন কৰে দুৰ্বৃত্তৰ ৷ হত্যাৰ বলী হোৱা মহিলা গৰাকীৰ নাম মনোমতী দত্ত কলিতা ৷ ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সহ আৰক্ষী দল ৷ আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তমৰ্মে আটক কৰে ৰাকেশ ৰয় নামৰ ৰাজমিস্ত্রী এজনক। ইতিমধ্যে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ কোনে কি কাৰণত এইদৰে হত্যা কৰি থৈ যায় এই সন্দৰ্ভত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত ।

Exit mobile version