অগ্নিকাণ্ডৰ এঘণ্টাৰ ভিতৰতে দেশত্যাগ!

গোৱা নাইট ক্লাবৰ মালিকৰ পাছপ’ৰ্ট বাতিল কেন্দ্ৰৰ 

IMG 20251211 103515

Goa:✒️ভয়ংকৰ অগ্নিকাণ্ডৰ পাঁচ দিনৰ পাছত অৱশেষত চৰকাৰে বাতিল কৰিলে গোৱা নাইট ক্লাবৰ দুই মালিকৰ পাছপ’ৰ্ট। যোৱা শনিবাৰে গোৱাৰ জনপ্ৰিয় নাইট ক্লাবত সংঘটিত অগ্নিকাণ্ডত ২৫ জন লোকৰ মৃত্যু হৈছিল।

ইয়াৰ পাছতে ক্লাবৰ দুই মালিক গৌৰৱ আৰু সৌৰভ লুথ্ৰাই থাইলেণ্ডলৈ পলায়ন কৰে। বৰ্তমান তেওঁলোকৰ পাছপ’ৰ্ট বাতিল কৰা হৈছে। কূটনৈতিক মাধ্যমেৰে তেওঁলোকক প্ৰত্যাৰ্পণৰ প্ৰচেষ্টা চলিছে।

মঙলবাৰে ইণ্টাৰপলে দুয়ো ভাতৃৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ নোটিচ জাৰি কৰে। তাৰ পাছত বুধবাৰে দিল্লীৰ ৰোহিনী আদালতত লুথ্ৰাৰ অধিবক্তাই দাবী কৰে যে,সুৰক্ষা প্ৰদান কৰিলে দুয়োজন ভাতৃ দেশলৈ উভতি আহিব। অৱশ্যে সেই আবেদনৰ কোনো উত্তৰ নিদিলে আদালতে।

বৃহস্পতিবাৰে তেওঁলোকৰ প্ৰত্যাশিত জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব। সেই শুনানিৰ পূৰ্বে গোৱা চৰকাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক তেওঁলোকৰ পাছপ’ৰ্ট বাতিল কৰিবলৈ অনুৰোধ জনাইছে।

বুধবাৰে গভীৰ নিশা দুই নাইট ক্লাবৰ মালিকৰ পাছপ’ৰ্ট বাতিল কৰাৰ ফলত ভাৰতে দুয়োজন ভাতৃক প্ৰত্যাৰ্পণ কৰাৰ এখোজ ওচৰ চাপিছে।

তদন্তৰ সময়ত জানিব পৰা গৈছে যে গোৱাৰ এটা নাইট ক্লাবত অগ্নিকাণ্ড সংঘটিত হোৱাৰ এঘণ্টা নৌহওঁতেই দুয়ো ভাতৃয়ে থাইলেণ্ডলৈ যোৱাৰ টিকট বুকিং কৰিছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰাৰ সময়লৈকে দুয়োজন ভাতৃয়ে ফুকেটলৈ পলায়ন কৰে।

যদিও অধিবক্তাসকলে দাবী কৰে যে দুয়োজন ভাতৃয়ে ইতিমধ্যে থাইলেণ্ড ভ্ৰমণৰ পৰিকল্পনা কৰিছিল। ঘৰলৈ উভতি যাব বিচাৰে যদিও বিমানবন্দৰত গ্ৰেপ্তাৰ হোৱাৰ আশংকা। ফলত দুয়ো ভাতৃয়ে আগতীয়া জামিন অবিহনে ঘৰলৈ উভতি নাযায় বুলি জনাইছে।

Exit mobile version