বৃহস্পতিবাৰেও ইণ্ডিগ’ৰ কেবাখনো বিমান বাতিল!

বিমান নিয়ন্ত্ৰক ডিজিচিএৰ কাৰ্যালয়ত ইণ্ডিগ’ৰ চিইঅ’ পিটাৰ এলবাৰ্ছ

IMG 20251211 154141

IndiGo:✒️এসপ্তাহতকৈও অধিক সময় পাৰ হৈ গ’ল। ইণ্ডিগ’ৰ বিপৰ্যয়ৰ ফলত বৃহস্পতিবাৰেও অব্যাহত আছে বিমান যাত্ৰীসকলৰ দুর্ভোগ। যদিও পূৰ্বৰ তুলনাত বিমান বাতিলৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে,যাত্ৰীৰ অসুবিধা কমি যোৱা নাই।

বৃহস্পতিবাৰৰ পুৱালৈকে কমেও ৬০খন বিমান বাতিল কৰা হৈছে। এনে পৰিস্থিতিত বৃহস্পতিবাৰে বিয়লি ভাৰতৰ বিমান নিয়ন্ত্ৰক ডিজিচিএৰ কাৰ্যালয়ত ইণ্ডিগ’ৰ চিইঅ’ পিটাৰ এলবাৰ্ছ হাজিৰ হোৱাৰ কথা।

তেওঁ তাত বিমান বাতিল সম্পৰ্কীয় সকলো তথ্য জমা দিব।তথ্য অনুসৰি বৃহস্পতিবাৰে বেংগালুৰু বিমানবন্দৰলৈ অহা-যোৱা কৰা কমেও ৬০খন বিমান বাতিল কৰা হয়।

বুধবাৰে বিমান সংস্থাটোৱে দিল্লী, বেংগালুৰু, মুম্বাইৰ মুঠ ২২০খন বিমান বাতিল কৰিছিল। কেৱল দিল্লীতে বাতিল হ’ল ১৩৭খন বিমান। তাৰ তুলনাত বৃহস্পতিবাৰে পৰিস্থিতি কিছু উন্নত হয়।

যদিও ইণ্ডিগ’ই মঙলবাৰে তেওঁলোকৰ কাৰ্য্যকলাপ স্বাভাৱিক হোৱা বুলি দাবী কৰিছে, কোম্পানীটোৱে উল্লেখ কৰিছে যে বিগত তিনিদিনত প্ৰতিকূল বতৰ বা কাৰিকৰী কাৰণৰ বাহিৰে কোনো বিমান যাত্ৰা শেষ মুহূৰ্তত বাতিল কৰা হোৱা নাছিল।

ইণ্ডিগ’ই এক বিবৃতিত কয় যে বৃহস্পতিবাৰে প্ৰায় ৩ লাখ যাত্ৰী কঢ়িয়াই অনা ১৯৫০খনতকৈও অধিক বিমান চলাচল কৰিব।

প্ৰসংগত,কোম্পানীটোৰ চিইঅ’ পিটাৰ এলবাৰ্ছে আজি বিয়লি ডিজিচিএৰ সন্মুখত হাজিৰ হ’ব।

দেশৰ বিমানবন্দৰসমূহত যাত্ৰীৰ অসুবিধাৰ পৰিসৰ মূল্যায়ন কৰিবলৈ ডিজিচিএই পিটাৰক বিগত কেইবাদিনৰ পৰা বিমানবন্দৰত হোৱা ব্যাঘাতৰ স’তে জড়িত নথি-পত্ৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে।

অহা দুই-তিনি দিনত ডিজিচিএৰ বিষয়াসকলে দেশৰ ১১টা বিমানবন্দৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ মূল্যায়ন কৰিব। প্ৰতিটো স্থানৰ পৰিস্থিতি আৰু যাত্ৰীৰ ভিৰ কেনেদৰে পৰিচালনা কৰা হৈছে সেই বিষয়ে তেওঁলোকে প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰিব।

Exit mobile version