সোমবাৰে ভাৰতলৈ উভতি অহাৰ সম্ভাৱনা গোৱাৰ নাইট ক্লাবৰ দুই কুখ্যাত মালিক

IMG 20251212 151140

Goa:✒️গোৱাৰ জনপ্ৰিয় নাইট ক্লাবৰ দুই মালিকক থাইলেণ্ডৰ পৰা ভাৰতলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে গৌৰৱ আৰু সৌৰভ লুথ্ৰা নামৰ মালিক দুজনৰ পাছপ’ৰ্ট বাতিল কৰা হৈছে।

থাইলেণ্ড আৰক্ষীয়ে ফুকেটত গ্ৰেপ্তাৰ কৰে দুই ভাতৃক।অৱশ্যে দুয়ো ভাতৃক ভাৰতলৈ ঘূৰাই অনাত কিছু কূটনৈতিক বাধাৰ সৃষ্টি হৈছে। বৰ্তমান থাইলেণ্ডত এই প্ৰক্ৰিয়াসমূহ চলি আছে।

মঙলবাৰে ইন্টাৰপলে দুয়ো ভাতৃৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ জাননী জাৰি কৰে।তাৰ পাছতে বুধবাৰে দিল্লীৰ ৰোহিনী আদালতত লুথ্ৰা ভাতৃদ্বয়ৰ অধিবক্তাই দাবী কৰে যে দুয়োজন ভাতৃক সুৰক্ষা প্ৰদান কৰিলে দেশলৈ উভতি আহিব।

অৱশ্যে সেই আবেদনৰ কোনো উত্তৰ নিদিলে আদালতে। বৃহস্পতিবাৰে তেওঁলোকৰ প্ৰত্যাশিত জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব।

অৱশ্যে সেই শুনানিৰ পূৰ্বেই থাইলেণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়ো ভাতৃক । বুধবাৰে গভীৰ নিশা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও লুথ্ৰা ভাতৃদ্বয়ৰ পাছপ’ৰ্ট বাতিল কৰে।

ফুকেটত গ্ৰেপ্তাৰ কৰা লুথ্ৰা ভাতৃদ্বয় বৰ্তমান ৰাজধানী বেংককত বন্দী হৈ আছে। তেওঁলোকক ইমিগ্ৰেচন ডিটেনচন চেণ্টাৰত ৰখা হৈছে। প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে তেওঁলোক তাতেই থাকিব লাগিব।

যিহেতু তেওঁলোকৰ পাছপ’ৰ্ট বাতিল কৰা হৈছে, সেয়েহে থাইলেণ্ডত থকা ভাৰতীয় দূতাবাসে লুথ্ৰা ভাতৃদ্বয়ৰ বাবে বিশেষ ভ্ৰমণ প্ৰমাণ পত্ৰ প্ৰদান কৰিব।

সেই প্ৰমাণ পত্ৰ লাভ কৰাৰ পিছতহে গোৱা নাইট ক্লাবৰ মালিক দুজনক বৈধভাৱে ভাৰতলৈ আনিব পৰা যাব। সোমবাৰে তেওঁলোক ভাৰতলৈ উভতি অহাৰ সম্ভাৱনা আছে।

Exit mobile version