Leonel Messi লিয়নেল মেছি মানেই ফুটবল যাদু। অথচ কলকাতাৰ যুৱভাৰতী ক্রীড়াংগনত মেছিৰ সেই সম্মোহনী যাদুৰ বাবেই সংঘটিত হ’ল এক বিশৃংখল পৰিস্থিতিৰ।
বহু মূল্যত টিকট কর্তন কৰিও মেছিক এবাৰ ভালদৰে স্বচক্ষে দেখা ক্ষুব্ধ হৈ শ শ দৰ্শকে স্টেডিয়াম ভাঙি চুৰমাৰ কৰে।
আনকি অসংখ্য দর্শকে খেলপথাৰতো প্রৱেশ কৰে যদিও নিৰাপত্তা বাহিনীয়ে ফুটবলৰ ৰাজপুত্রক সুৰক্ষিতভাবে স্টেডিয়ামৰ পৰা উলিয়াই নিবলৈ সক্ষম হয়।
এই ঘটনাই ইতিমধ্যে বিভিন্ন দেশত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। এই অবাঞ্ছিত ঘটনাৰ বাবে ইতিমধ্যে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে মেছিৰ লগতে বঞ্চিত দর্শকসকলৰ পৰাও ক্ষমা প্রার্থনা কৰি তদন্তৰ নিৰ্দেশ দিয়ে।
কাৰ্যসূচী অনুসৰি দিনৰ ১১-৩০ বজাত মেছিৰ গাড়ীয়ে যুৱভাৰতীত প্ৰৱেশ কৰে। লগত তেওঁৰ দুই ফুটবলাৰ বন্ধুও আছিল। ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বংগ ক্রিকেট সন্থাৰ সভাপতি সৌৰভ গাংগুলীও উক্ত অনুষ্ঠানত উপস্থিত আছিল।
শ্বাহৰুখ আৰু মুখ্যমন্ত্রী বেনাৰ্জীও অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল যদিও ইতিমধ্যে উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি হোৱাত তেওঁলোকে সূচী বাতিল কৰে।
উল্লেখ্য যে যুৱভাৰতী ক্রীড়াংগনত ১২-৩০ বজা পর্যন্ত এখন চেলিব্রিটী বন্ধুত্বপূর্ণ ফুটবল মেচ, সম্বর্ধনা আৰু সংক্ষিপ্ত আলাপ পৰ্ব হোৱাৰ কথা আছিল। মেছিয়ে খেলত অংশ লোৱাৰ কথা নাছিল যদিও দৰ্শকৰ সম্মুখত পেনাল্টি শ্বট মৰাৰ কথা আছিল; কিন্তু আয়োজক আৰু পশ্চিমবংগ চৰকাৰৰ একাংশ নেতা-মন্ত্ৰীৰ হেতা-ওপৰাৰ বাবেই সমগ্র কার্যসূচী পণ্ড হয়।
বিশ্বৰ অন্যতম সর্বাধিক জনপ্রিয় ফুটবলাৰজনৰ কলকাতা ভ্রমণক কেন্দ্ৰ কৰি বিগত কে’বাদিনৰ পৰাই চহৰখনত মেছি-জুৰ দেখা গৈছিল। টিকটৰ মূল্য অত্যধিক হোৱা সত্ত্বেও কলকাতাৰ উপৰি পশ্চিমবংগৰ অন্যান্য স্থানৰ লগতে অসমকে ধৰি আন একাংশ ৰাজ্যৰ অনুৰাগীও যুৱভাৰতীত উপস্থিত হৈছিল।
হেজাৰ হেজাৰ অনুৰাগীৰে ষ্টেডিয়ামখনৰ গেলাৰী পৰিপূৰ্ণ হৈ পৰিছিল। গেলাৰীৰ পৰা মেছিক চাবলৈ দূৰ হয় যদিও অনুৰাগীৰ মাজত উন্মাদনাৰ শেষ নাছিল। অথচ মেছিয়ে খেলপথাৰত প্ৰৱেশ কৰাৰ লগে লগে একাংশ আয়োজক আৰু নেতা-মন্ত্রীয়ে তেওঁৰ চাৰিওফালে ভিৰ কৰাত দৰ্শকে প্রিয় ফুটবলাৰজনক দেখা নোপোৱা হ’ল।
ফলত ক্ষুব্ধ অনুৰাগীয়ে ‘উই বাণ্ট মেছি’ বুলি শ্ল’গান দিবলৈ ধৰে। ক্ৰমাৎ ষ্টেডিয়ামত বিশৃংখলা বৃদ্ধি পাবলৈ ধৰে। অনুৰাগীসকলৰ ক্ষোভ বৃদ্ধি পাবলৈ ধৰে। একাংশই চকী, পানীৰ বটল আদি খেলপথাৰলৈ দলিয়ায়।
পৰিস্থিতি উত্তপ্ত হৈ উঠাৰ ইংগিত পাই আয়োজক আৰু নিৰাপত্তা ৰক্ষীয়ে তিনিওজন ফুটবল তাৰকাক বাহিৰলৈ উলিয়াই নিয়ে। মাত্র ১৫ মিনিটহে মেছি খেলপথাৰত আছিল।
প্রিয় ফুটবলাৰজন খেলপথাৰৰ বাহিৰলৈ গুচি যোৱাত তেওঁক ভালকৈ চাবলৈ নোপোৱা অনুৰাগীসকল উত্তেজিত হৈ পৰে আৰু ফেন্সিং ভাঙি প্রায় দুই-তিনি হেজাৰ লোকে খেলপথাৰত প্ৰৱেশ কৰে।
এনে পৰিস্থিতিত প্রদর্শনী ফুটবল মেচখনো বাতিল কৰা হয়। উত্তেজিত অনুৰাগীসকলে গেলাৰীকে ধৰি ষ্টেডিয়ামৰ বিস্তৰ অঞ্চল ভাঙি-ছিঙি চুৰমাৰ কৰে। আনকি স্টেডিয়ামত থকা ফুলৰ টাব, চকী আদিও কিছু লোকে দাঙি লৈ যায়। স্টেডিয়ামৰ বাহিৰতো উত্তেজনা বৃদ্ধি পায়।
একাংশ অনুৰাগীয়ে আনকি স্টেডিয়ামত অগ্নি সংযোগ কৰাৰো অপচেষ্টা চলাইছিল। পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়।
দীর্ঘ সময়ৰ পাছত পৰিস্থিতি নিয়ন্ত্রণলৈ আহে যদিও ক্ষুব্ধ অনুৰাগীসকলে স্টেডিয়ামৰ বাহিৰত ধর্ণা দি টিকটৰ ধন ঘূৰাই দিবলৈ দাবী জনায়।
ইফালে বহু সময় অপেক্ষাৰ অন্তত ফুটবলৰ কিংবদন্তিগৰাকীক দেখা নাপাই কান্দোনত ভাঙি পৰিল অনুৰাগী। উল্লেখ্য যে,ফুটবলৰ যাদুকৰ জনক চাবলৈ নিজৰ বিয়া এৰি আহিল এজন অনুৰাগী ।
তেওঁ কয়, “আজি মোৰ বিয়াৰ দিন। মই কেৱল মেছিক চাবলৈ সকলো অনুষ্ঠান এৰি আহিছোঁ । কিন্তু আয়োজকসকলৰ ব্যৰ্থ ব্যৱস্থাৰ বাবে মই তেওঁক দেখি নাপালোঁ। সঁচাকৈয়ে আয়োজকৰ ফালৰ পৰা এইটো সম্পূৰ্ণ ব্যৰ্থতা। ইয়াৰ দায়িত্ব তেওঁলোকে ল’ব লাগিব।”
