Narendra Modi:✒️আগন্তুক ইংৰাজী নৱবৰ্ষত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পদত্যাগ কৰিব পাৰে বুলি এক ভবিষ্যদ্বাণী কৰিছে এজন বিখ্যাত জ্যোতিষীয়ে। চলিত বর্ষ শেষ হ’বলৈ মাজত মাথোঁ ১৮ দিন বাকী থকা অৱস্থাত জনপ্রিয় জ্যোতিষী মনীষ আগৰৱালে ভবিষ্যদ্বাণী কৰিছে যে অহা মে’ৰ ভিতৰত প্রধানমন্ত্রী মোদীৰ পদত্যাগৰ সম্ভাৱনা আছে।
মোদীৰ পদত্যাগৰ পাছত কোনে প্রধানমন্ত্রীৰ দায়িত্ব গ্রহণ কৰিব সেই সম্পর্কেও আভাস দিছে জ্যোতিষীজনে। তেওঁৰ মতে বৰ্তমানৰ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ বা কৃষি মন্ত্রী তথা মধ্য প্রদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী শিৱৰাজ পাটিল মোদীৰ উত্তৰাধিকাৰী হ’ব পাৰে। তদুপৰি আলোচনালৈ উত্তৰ প্ৰদেশৰ উগ্র হিন্দুত্ববাদী মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ নামো অহাৰ ভবিষ্যদ্বাণী কৰিছে জ্যোতিষীজনে।
অৱশ্যে শেষত দৌৰৰ পৰা যোগী ছিটিকি পৰিব বুলিও আগৰৱালে ভৱিষ্যদ্বাণী কৰিছে। আৰু কয় যে ২০২৬ৰ মাৰ্চৰ পৰা ডিচেম্বৰৰ ভিতৰত কোনো ৰাজনৈতিক ব্যক্তিৰ দুর্নীতি পোহৰলৈ আহিব। ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ পতন পর্যন্ত হ’ব পাৰে। ঘটনাটোৱে সেই ৰাজনীতিকজনৰ দলৰ অৱস্থাও কাহিল কৰিব বুলি জ্যোতিষীজনে উল্লেখ কৰিছে।
অর্থাৎ চৌদিশে তোলপাৰ লগাৰ সম্ভাৱনা আছে।জনপ্রিয় জ্যোতিষীজনে লগতে আগন্তুক বর্ষত বিনোদন জগতৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক দুর্যোগলৈকে বিভিন্ন ক্ষেত্ৰত ভবিষ্যদ্বাণী কৰিছে। তেওঁৰ মতে প্রবীণ অভিনেতা অমিতাভ বচ্চনৰ স্বাস্থ্য বছৰটোত মুঠেও ভালে নাযাব। মৃত্যুযোগ নাথাকিলেও বিগ বি স্বাস্থ্যজনিত জটিল সমস্যাৰ সন্মুখীন হ’ব লাগিব বুলি তেওঁ কয়। অৱশ্যে বচ্চন পৰিয়ালৰ এক অশান্তি দূৰ হ’ব বুলি তেওঁ উল্লেখ কৰিছে। সেয়া হৈছে বিগত এক-ডেৰ বছৰ ধৰি অমিতাভৰ পুত্ৰ-বোৱাৰী অভিষেক আৰু ঐশ্বৰ্যৰ মাজত সৃষ্টি হোৱা ব্যৱধান দূৰ হ’ব।
উল্লেখ্য যে অভিষেক-ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদ ঘটিব বুলিও বাতৰি প্ৰকাশ পাই আছে। আগন্তুক বছৰত দুয়ো সম্পৰ্কৰ দূৰত্ব আঁতৰাই পুনৰ পৰস্পৰৰ ওচৰ চাপি আহিব বুলি জ্যোতিষী আগৰৱালে ভবিষ্যদ্বাণী কৰিছে। দুয়োৰে মাজত সম্পৰ্কৰ উষ্ণতাও বৃদ্ধি পাব। লক্ষ্যণীয় যে শেহতীয়াভাবে ঐশ্বর্য আৰু অভিষেক একেলগে বিভিন্ন পার্টিত দেখা গৈছে।
আনহাতে, জনপ্রিয় অভিনেতা ছলমান খানে আগন্তুক বছৰত আধ্যাত্মিক জগতত মনোনিৱেশ কৰাৰ ইংগিত দিছে জ্যোতিষীজনে। অভিনেতাজনৰ জীৱনলৈ অহা বছৰৰ মাজভাগৰ পৰা এনে পৰিবৰ্তন আহিব পাৰে। আনহাতে ক্রীড়া জগত সন্দর্ভত আগৰৱালৰ ভৱিষ্যদ্বাণী হ’ল যে আগন্তুক বছৰত তাৰকা ক্রিকেটাৰ বিৰাট কোহলিৰ কেৰিয়াৰ আন এক শিখৰত অৱগাহন কৰিব।
অৱশ্যে তেওঁৰ স’তে তেওঁৰ পত্নী অনুষ্কা শৰ্মাৰ দূৰত্ব বৃদ্ধি পাব বুলি আগৰৱালে কয়। তৎসত্ত্বেও দুয়োৰে মাজত বিচ্ছেদৰ সম্ভাৱনা নুই কৰিছে জ্যোতিষীজনে। আনহাতে, অহা বছৰ ৬জি ইণ্টাৰনেট সেৱাৰ মুকলি সম্ভাবনাও তেওঁ ব্যক্ত কৰিছে। ফলত চৰাই-চিৰিকটিৰ বিস্তৰ ক্ষতিৰ আশংকা আছে।
