Citizenship:বিবাহপাশত আবদ্ধ হৈ ভাৰতীয় নাগৰিকত্ব লাভ মহিলাৰ

WhatsApp Image 2025 12 15 at 12.40.55 PM

Citizenship:

নাগৰিকত্ব সংশোধনী আইন (চিএএ)ৰ সহায়ত অসমত এতিয়ালৈকে এগৰাকী মহিলাসহ হিন্দু বাংলাদেশী চাৰিজনে ভাৰতৰ নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে প্ৰায় ৪০ জনে নাগৰিকত্ব বিচাৰি আবেদন দাখিল কৰিছে। শেহতীয়াকৈ যোৱা ১২ ডিচেম্বৰত ‘চিএএ’ৰ অধীনত অসমত প্ৰথমগৰাকী বাংলাদেশৰ পৰা অনুপ্ৰৱেশ কৰা মহিলাই নাগৰিকত্ব পাবলৈ সক্ষম হয়। ২০০৭ত চিকিৎসাৰ বাবে শিলচৰলৈ অহা মহিলাগৰাকীয়ে বৰ্তমানৰ শ্রীভূমিৰ এজন লোকৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু তেতিয়াৰ পৰাই অসমত বাস কৰি আছে। বিবাহসূত্রে মহিলা গৰাকীয়ে এই নাগৰিকত্ব লাভ কৰে। সেইদিনাই শিলচৰৰ এজন অনুপ্ৰৱেশকাৰীয়েও নাগৰিকত্ব পাবলৈ সক্ষম হয়। তাৰ বাবে দুজন অনুপ্রৱেশকাৰীয়ে নাগৰিকত্ব লাভ কৰিছিল। উল্লেখ্য যে ধর্মীয় নির্যাতনৰ বলি হৈ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘু লোকে ভাৰতলৈ পলাই আহিলে নির্দিষ্ট চৰ্তৰ ভিত্তিত তেওঁলোকে নাগৰিকত্ব পাবলৈ উপযুক্ত বিবেচিত হ’ব বুলি ‘চিএএ’ত উল্লেখ আছে। ইয়াৰ বাবে সংশিষ্ট লোকসকলে ২০১৪ৰ ৩১ ডিচেম্বৰৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰিব লাগিব। এই আইনখনতে বিবাহসূত্রে নাগৰিকত্ব লাভৰো ব্যৱস্থা আছে। সেই ব্যৱস্থাত উল্লেখ আছে যে মহিলাগৰাকীয়ে ভিত্তি সময়ৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰাটো হ’বই লাগিব, তাৰ লগতে বিবাহপাশত আবদ্ধ হৈ ন্যূনতম সাত বছৰ বাস কৰিব লাগিব ৷

Exit mobile version