Guwahati:
নিজে পতা জালত ফচিল এজন ধুৰন্ধৰ যুৱক ৷ নিজে কৰ্মৰত থকা প্ৰতিষ্ঠানৰ ধন দুৰ্বৃত্তই যুৱকজনক স্পে’ মাৰি লুট কৰি নিছিল বুলি আৰক্ষীক দিছিল গোচৰ ৷কিন্ত আৰক্ষীৰ সন্দেহ ওপজাত তেওঁৰ ভাড়াঘৰত অভিযান চলাই উদ্ধাৰ কৰে সমুদায় ধন ৷ এই ঘটনা গুৱাহাটী মহানগৰীৰ ভগদত্তপুৰত ৷
মহানগৰীৰ পাৰামাউন্ট ডেভেল’পাৰ্ছ নামৰ এটা প্ৰতিষ্ঠানৰ কৰ্মচাৰী ধ্ৰুৱ কলিতাই ৭ লাখ টকাৰ বেগ চুৰিৰ অভিযোগ দিছিল ভগদত্তপুৰ আৰক্ষীক ৷ এজাহাৰত উল্লেখ কৰা হৈছিল যে তেওঁ টকা ভৰ্তি বেগটো নি থকাৰ পথত অচিনাক্ত দুৰ্বৃত্তই স্পে’ মাৰি লুট কৰি নিছিল ৷ এইক্ষেত্ৰত আৰক্ষীয়ে ব্যাপক অভিযান চলাইছিল যদিও কোনো সন্ধান লাভ কৰিব পৰা নাছিল ৷ অৱশ্যে ইয়াৰ মাজতে যুৱকজনৰ কেতবোৰ সন্দেহজনক স্থিতিৰ সুত্ৰ ধৰি তেওঁৰ সৰুসজাইস্থিত ভাড়াঘৰত তালাচী চলাই ৭ লাখ টকা উদ্ধাৰ কৰে ৷ অৰ্থা উৰহী গছৰ ওৰ ওলাল ৷
দুৰ্বৃত্তই ধন লুট কৰা বুলি মিছা অভিযোগৰে আৰক্ষীক বিভ্ৰান্ত কৰি সমুদায় ধন আত্মসাৎ কৰাৰ কুঅভিসন্ধি ৰচিছিল ৷ কিন্ত অৱশেষত নিজে পতা জালত নিজেই আবদ্ধ হ’ল প্ৰৱঞ্চক ধ্ৰুৱ কলিতা ৷ ইতিমধ্যে দিছপৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধুৰন্ধৰ যুৱকজনক। তেওঁ পৈত্তিক গৃহ দৰং জিলাৰ ছিপাঝাৰত ৷
