Meitei & Kuki BJP MLAs come under same roof since 2023 conflict:
চুবুৰীয়া ৰাজ্য মণিপুৰত ২০২৩ৰ মে’ত আৰম্ভ হোৱা গোষ্ঠী সংঘৰ্ষৰ সুদীর্ঘ আঢ়ৈ বছৰৰো অধিক দিন পাছত প্রথমবাৰৰ বাবে একেখন চালিৰ তলত থিয় দিলে বিজেপিৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ বিধায়কসকল। কালি দলীয় শীর্ষ নেতৃত্বৰ স’তে দিল্লীত একেখন বৈঠকতে মেইটেই আৰু কুকি সম্প্ৰদায়ৰ বিধায়কসকলে মিলিত হোৱাৰ পাছত ৰাজ্যখনত পুনৰ চৰকাৰ গঠনৰ তৎপৰতা জোৰদাৰ হোৱা বুলি চৰ্চা আৰম্ভ হৈছে।
ধাৰাবাহিক হিংসা তথা অশান্তিৰ পৰিপ্ৰেক্ষিতত যোৱা ফেব্ৰুৱাৰীৰ পৰা মণিপুৰত অব্যাহত আছে ৰাষ্ট্ৰপতি শাসন। বিগত সপ্তাহত মণিপুৰলৈ দুদিনীয়া ভ্রমণসূচী লৈ অহা ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুরে কয় যে পাহাৰ আৰু উপত্যকাই সদায়ে এজনে আনজনৰ প্রতি শুভাশিস প্রদর্শন কৰি আহিছে আৰু শান্তি তথা পুনৰ মিলনৰ বাবে আহ্বান জনাইছে। ৰাষ্ট্ৰপতি মুর্মুৱে ইয়াৰ দ্বাৰা এই কথাকে কয় যে উপত্যকাত বাস কৰা মেইটেই আৰু পাহাৰ অঞ্চলত বাস কৰা কুকি সম্প্ৰদায়ৰ মাজত শান্তি-মিলনৰ উদগ্ৰীৱতাৰ পৰিৱেশ গঢ়াৰ এক আহ্বান অনুৰণিত হৈছে। ইয়াৰ পাছতে একেখন চালিৰ তলত নৃগোষ্ঠীয় পৰিচয়ৰ ঊর্ধ্বলৈ গৈ একলগ হোৱাৰ জৰিয়তে ৰাষ্ট্ৰপতি মুৰ্মৰ বাৰ্তাৰ প্ৰতি সঁহাৰি প্ৰদৰ্শন কৰা বুলিয়ে কোৱা হৈছে।
মণিপুৰত একাংশ বিজেপি বিধায়কে ৰাজ্যখনত পুনৰ চৰকাৰ গঠনৰ দাবী জনোৱাৰ পাছতে বৈঠকৰ আয়োজন কৰা হয়। ২০২৬ৰ ফেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰপতি শাসন সম্প্ৰসাৰিত কৰাৰ পাছত এই দাবী সুতীব্র হয়। উল্লেখ্য যে বৈঠকৰ পাছত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষে সামাজিক মাধ্যম
‘এক্স’ত বৈঠক ফলপ্রসূ হোৱা বুলি উল্লেখ কৰি কয় যে মণিপুৰত শান্তি আৰু উন্নয়নৰ বিষয়ক লৈ বৈঠকত আলোচনা কৰা হৈছে। তেওঁ কয় যে এই বৈঠক অতি ফলপ্রসূ হৈছে। মণিপুৰলৈ শান্তি ঘূৰাই অনা আৰু উন্নয়ন সাধনৰ বাবে প্রতিজনেই দৃঢ়তা প্ৰদৰ্শন কৰাৰ লগতে ৰাজ্যখনত স্বাভাবিক অৱস্থা ওভতাই আনিবলৈ যৎপৰোনাস্তি কৰিবলৈ সাজু বুলিও বিধায়কসকলে কৈছে। ৰাজ্যখনত উন্নয়নৰ কাম পুনৰ দ্রুতগতিত সম্পন্ন কৰাৰ বাবেও উপস্থিতসকল একমত হৈছে। উল্লেখ্য যে যোৱা নৱেম্বৰত দলৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰপ্ৰাপ্ত সম্বিত পাত্ৰ আৰু সন্তোষে মণিপুৰত নেতাসকলৰ স’তে বৈঠকত মিলিত হয়। চর্চা অনুসৰি মেইটেই আৰু কুকি বিধায়কসকলৰ মাজত সংঘাত মৰিষণ কৰিবলৈ প্ৰথম পদক্ষেপৰূপে বৈঠকৰ আয়োজন কৰা হয়।
ইয়াৰ পূৰ্বে বিজেপিৰ কুকি সম্প্ৰদায়ৰ সাতজন বিধায়কে পৃথক প্রশাসনৰ বাবেও দাবী জনাইছিল। মণিপুৰৰ বিজেপি মুখপাত্র মাইকেল থাদাওৱে সামাজিক মাধ্যমত কয় যে দিল্লীত মণিপুৰৰ কুকি-মেইটেইৰ সংঘাতৰ আনুষ্ঠানিক ইতি পৰিল। কিয়নো, কুকি, জ’মি, মাৰ আৰু মেইটেই বিধায়কসকল একত্রিত হ’ল।
