কুঁৱলী কম্বলেৰে আৱৰিছে উত্তৰ আৰু পূর্ব ভাৰত!

পুৱা বাতিল একাধিক বিমান

IMG 20251217 110656

IndiGo:✒️কুঁৱলী কম্বলেৰে আৱৰিছে উত্তৰ আৰু পূব ভাৰতৰ বিস্তৃত অঞ্চল। বিপদজনকভাৱে নিম্ন স্তৰলৈ হ্ৰাস হৈছে দৃশ্যমানতা । দিল্লী বিমানবন্দৰত আজি পুৱা দহখন বিমান বাতিল কৰা হয়। এই পৰিস্থিতিত যাত্ৰীসকলক সতৰ্কবাণী জাৰি কৰিছে ইণ্ডিগ’ বিমান সংস্থাই।

বুধবাৰে আৰু কেবাখনো বিমান বাতিল হ’ব পাৰে বুলি ঘোষণা কৰা হৈছে। কিছু বিমানৰ সময়সূচীতো পৰিৱৰ্তন ঘোষণা কৰা হৈছে।

মঙলবাৰে নিশা ইণ্ডিগ’ই এক বিবৃতিযোগে ঘোষণা কৰে যে কুঁৱলীৰ বাবে উত্তৰ আৰু পূব ভাৰতৰ বিস্তৃত অঞ্চলত দৃশ্যমানতা বিপদজনকভাৱে হ্ৰাস পাইছে। ইয়াৰ ফলত বিমান চলাচলত প্ৰভাৱ পৰিব পাৰে।

যাৰ ফলত বিমান যাত্ৰাতো প্ৰভাৱ পৰিব পাৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ কৰা এক বিবৃতিত ইণ্ডিগ’ই কয় যে, “পুৱা উত্তৰ আৰু পূব ভাৰতৰ কিছুমান অঞ্চলত কুঁৱলীৰ সতৰ্কবাণী দিয়া হৈছে। ফলত স্বাভাৱিকতে দৃশ্যমানতা হ্ৰাস পাব পাৰে।ইয়াৰ ফলত পুৱাৰ ভাগত বিমান যাত্ৰাত ব্যাঘাত জন্মিব পাৰে। যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে কিছু বিমান বাতিল বা পলম হ’ব পাৰে।”

যাত্ৰীসকলক আগতীয়াকৈ পৰিকল্পনা আৰু বিমানবন্দৰত উপস্থিত হ’বলৈ অতিৰিক্ত সময় দিবলৈও পৰামৰ্শ দিয়া হৈছে। শেহতীয়া তথ্যৰ বাবে নিয়মীয়াকৈ ইণ্ডিগ’ ৱেবছাইট পৰীক্ষা কৰিবলৈও পৰামৰ্শ দিছে বিমান সংস্থাটোৱে।

প্ৰদূষণৰ বাবে দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ বিগত কিছুদিন ধৰি ধোঁৱাৰ ডাঠ তৰপেৰে আৱৰি ধৰিছে। ফলত পথ যাতায়ত আৰু বিমান যাত্ৰা দুয়োটাতে ব্যাহত হৈছে।

মঙলবাৰে পুৱা দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতো কৰ্তৃপক্ষই কুঁৱলীৰ সতৰ্কবাণী জাৰি কৰে। ইয়াৰ পাছতে পুৱা ছয় বজাত বিমানৰ কাম-কাজ পুনৰ ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বুলি ঘোষণা কৰা হয়।

যাত্ৰীসকলক প্ৰয়োজনীয় সাহায্য প্ৰদানৰ বাবে টাৰ্মিনেলত অতিৰিক্ত কৰ্মচাৰীকো মোতায়েন কৰা হয়। প্ৰসংগক্ৰমে মঙলবাৰে সন্ধিয়া দিল্লীৰ গড় বায়ুৰ মান আছিল (একিউআই) ৩৫৪।

বুধবাৰে পুৱা ন বজাৰ ভিতৰত বায়ুৰ গুণাগুণ সামান্য উন্নতি হয় (৩১৩)। প্ৰদূষণৰ মাজতে সমগ্ৰ মহানগৰীত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিদ্যালয়সমূহৰ বাবেও ঘোষণা কৰা হৈছে বিভিন্ন নিষেধাজ্ঞা।

Exit mobile version