PM Narendra Modi:✒️বৃহস্পতিবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হয় ওমানৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অফ ওমান’। ওমানৰ ছুলতান হেইথম বিন টাৰিকে ভাৰত আৰু ওমানৰ মাজৰ সম্পৰ্কক শক্তিশালী কৰাৰ বাবে দূৰদৃষ্টি সম্পন্ন নেতা নৰেন্দ্ৰ মোদীক এই সন্মান প্রদান কৰে।
উল্লেখযোগ্য যে, ওমান ভ্রমণৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এই সময়ছোৱাতে দুয়োখন দেশৰ কূটনৈতিক সম্পর্কই ৭০ বছৰ সম্পূৰ্ণ কৰিছে।
ভাৰত আৰু ওমানৰ মাজৰ ঘনিষ্ঠ সম্পর্ক আৰু দুয়ো দেশৰ জনসাধাৰণৰ নামত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই সন্মান উৎসৰ্গা কৰা বুলি প্রকাশ কৰে।
ইয়াৰ পূৰ্বে দুয়োখন দেশে বুধবাৰে অর্থনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্থাপন কৰা সংহত অর্থনৈতিক অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিত কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেল আৰু ওমানৰ বাণিজ্য আৰু উদ্যোগ মন্ত্রী কুরেছ আল ইউছুফে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ওমানৰ চুলতান হেইথম বিন তাৰিকৰ উপস্থিতিত স্বাক্ষৰ কৰে।
