SIT Files Complaint :বিপদত বিধায়ক অখিল গগৈ !

জুবিনৰ অভিযোগনামাক লৈ ভুৱা প্ৰচাৰ কৰাৰ অভিযোগত ক্ৰাইম বাঞ্চত গোচৰ এছআইটি, অসুস্থতাৰ বাবে গোলাঘাটত থকা গগৈ আজি উভতিত গুৱাহাটীলৈ

WhatsApp Image 2025 12 19 at 12.42.58 PM

SIT Files Complaint :

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযোগনামাক লৈ ভুৱা প্ৰচাৰ চলোৱাৰ লগতে অভিযুক্তক ৰক্ষণাবেক্ষণ দিব বিচৰাৰ অভিযোগ উত্থাপিত হৈছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে। এই অভিযোগেৰে আৰক্ষীৰ অপৰাধ শাখাত এটা গোচৰ ৰুজু কৰে প্ৰয়াত শিল্পীগৰাকীৰ হত্যাৰ গোচৰটোৰ বিশেষ তদন্তকাৰী গোট (এছআইটি)ৰ তদন্তকাৰী বিষয়া ৰ’জী কলিতাই। তেওঁ কয় যে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অখিল গগৈৰ বিৰুদ্ধে গোচৰটো ৰুজু কৰা হৈছে। কলিতাই কয়, ‘অখিল গগৈয়ে নানান ধৰণৰ ভুৱা প্ৰচাৰ চলাই আহিছে।

তদুপৰি তেওঁ কৌশলেৰে অভিযুক্তক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে। সেই কাৰণে বিএনএছৰ ধাৰাত অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।’ উল্লেখ্য যে প্রয়াত শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তক গগৈয়ে প্রথমৰ পৰাই সমালোচনা কৰি আহিছে। শেহতীয়াকৈ এছআইটিয়ে দাখিল কৰা অভিযোগনামাখনক লৈয়ো সৰৱ হৈ আহিছে। কালি গোচৰটোৰ মূল অভিযুক্তকেইজনক অভিযোগনামাত কি কি কাৰণত কি ধৰণে অভিযুক্ত কৰা হৈছে, সেই তথ্যও ৰাজহুৱা কৰে।

ইপিনে, এছআইটিয়ে গোচৰ ৰুজু কৰা সন্দৰ্ভত অখিল গগৈয়ে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰে যে জুবিন গাৰ্গৰ হত্যাৰ অভিযোগনামা ৰাজহুৱা কৰা বিষয়ত চৰকাৰে তেওঁৰ বিৰুদ্ধে গোচৰ তৰা বুলি গম পাইছে। যদিও তেওঁ এই সময়ত ভীষণ অসুস্থ, তথাপি গোচৰটোৰ সন্মুখীন হ’বলৈ শুক্ৰবাৰে গুৱাহাটীলৈ আহিব।

Exit mobile version