Narendra Modi:✒️দুদিনীয়া ভ্রমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। প্রধানমন্ত্রীক আদৰিবলৈ চৌদিশে চলিছে ব্যাপক প্রস্তুতি। প্রধানমন্ত্রীৰ আগমনত কোনো দিন চৰকাৰ-প্ৰশাসনৰ চকুত নপৰা কদর্যময় স্থান তথা পথ, পদপথসমূহৰ লগতে ডিভাইডাৰ হৈ পৰিছে আটকধুনীয়া। এইবাৰ প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ চৰকাৰে চলোৱা অভূতপূর্ব প্ৰচাৰক লৈ গুৱাহাটীবাসীৰ মাজত ব্যাপক চর্চা চলিছে।
উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ খানাপাৰাৰ পৰা গুৱাহাটী বিমানকোঠলৈ, জালুকবাৰীৰ পৰা পাণবজাৰলৈ, একেদৰে উলুবাৰীৰ পৰা খানাপাৰালৈ এই পথছোৱাৰ লগতে পথৰ দুয়োকাষ ৰং-তুলিকাৰে সজাই তোলা হৈছে। বিভিন্ন কোম্পানীৰ বিজ্ঞাপনৰে ভৰি থকা ৰাজধানী চহৰখনত এতিয়া যেনিয়েই চাই কেৱল প্রধানমন্ত্রীক আদৰণি জনোৱা বেনাৰ-হ’র্ডিং। বাণিজ্যিক হ’র্ডিং-বেনাৰ নাই বুলিব পাৰিব।
সদাব্যস্ত জিএছ ৰোডৰ দুয়োদিশত প্ৰতিটো বিদ্যুতৰ খুঁটা, নির্দিষ্ট হ’র্ডিং সকলোতে কেৱল প্রধানমন্ত্রী আগমনৰ বেনাৰ-হ’র্ডিং। পূৰ্বতে এনে পৰিৱেশ কেতিয়াও দেখা নাছিল গুৱাহাটীবাসীয়ে। ফলত প্ৰধানমন্ত্ৰীৰ আগমনক লৈ এইবাৰ কিয় ব্যাপক প্ৰচাৰ চলোৱা হৈছে তাক লৈও অব্যাহত আছে ব্যাপক চর্চা। আনকি সামাজিক মাধ্যমত কোনো কোনোৱে এই প্ৰচাৰত ব্যয় হোৱা ধনক লৈও প্রশ্ন উঠিছে। এই সন্দর্ভত ‘দৈনিক অগ্রদূত’-এ জানিবলৈ চেষ্টা কৰিছিল যদিও কোনেও স্পষ্ট উত্তৰ দিয়াৰ পৰা বিৰত থাকে।
প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰচাৰ তথা বেনাৰ-হ’র্ডিং লগোৱাৰ দায়িত্ব দিয়া হৈছে জনসংযোগ বিভাগক; কিন্তু বিভাগে গুৱাহাটীত কিমানখন বেনাৰ, হ’র্ডিং, প’ষ্টাৰ লগাইছে, আজি সন্ধিয়া পর্যন্ত তাৰ হিচাপেই কৰি উলিয়াব পৰা নাই। ইয়াৰ দায়িত্বত থকা জনসংযোগৰ এজন বিষয়াই কয় যে ছজন ঠিকাদাৰক ইয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে। তেওঁলোকক নির্দিষ্ট স্থান পৃথকে পৃথকে নিৰ্বাচন কৰি দিয়া হৈছে আৰু প্রতিটো খুঁটা, নির্দিষ্ট হ’র্ডিং সকলোতে লগাবলৈ দিয়া হৈছে। তেওঁলোকে এতিয়ালৈকে কিমান বেনাৰ-হ’র্ডিং লগাইছে সঠিক তথ্য আহি পোৱা নাই। সমান্তৰালভাৱে একোখনকৈ হ’র্ডিঙত কিমান টকাকৈ ব্যয় নির্ধাৰণ কৰা হৈছে আৰু এই প্ৰচাৰৰ নামত সর্বমুঠ কিমান টকা ব্যয় কৰা হৈছে, এই সন্দর্ভত কোনো তথ্য প্ৰকাশৰ পৰা বিৰত থাকে বিভাগ।
সূত্রত প্রকাশ যে প্ৰচাৰৰ ক্ষেত্ৰত এতিয়ালৈকে ব্যয় নির্ধাৰণ কৰা হোৱা নাই। নির্দিষ্ট ঠিকাদাৰক বেনাৰ-হ’র্ডিং লগাবলৈ দিয়া হৈছে আৰু তেওঁলোকে শেষত পৃথকে পৃথকে ব্যয়ৰ বাজেট দাখিল কৰিব। উল্লেখ্য যে সামাজিক মাধ্যমত চর্চা চলিছে যে প্রধানমন্ত্রীক আদৰাৰ নামত প্ৰায় চাৰি হেজাৰ বেনাৰ-হ’র্ডিং লগোৱা হৈছে।
