বিশ্বৰ সবাতোকৈ দীঘল ঘাইপথটো: ৩০,৬০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পেন আমেৰিকান হাইৱে

IMG 20251220 110157

America:✒️আদিৰ পৰা অন্তলৈ ভ্ৰমণ কৰাৰ বাবে ৬০ দিন যাত্ৰাৰ প্ৰয়োজন হয়। অৱশ্যে নিতৌ প্রায় পাঁচশ কিলোমিটাৰ যাত্রা কৰিলেহে ৬০ দিনত এই পথ সম্পূৰ্ণৰূপে ভ্ৰমণ কৰি শেষ কৰিব পাৰিব। ৩০,৬০০ কিলোমিটাৰ দৈর্ঘ্যৰ এই পথেই হৈছে বিশ্বৰ সবাতোকৈ দীঘল ঘাইপথ।

পথটো হৈছে পেন আমেৰিকান হাইৱে। কেৱল দৈৰ্ঘ্যৰ ফালৰ পৰাই নহয়, আন কেতবোৰ বৈশিষ্ট্যৰ বাবেও এই ঘাইপথে বহুতক আকৰ্ষণ কৰে। ইয়াৰ অন্যতম বৈশিষ্ট্য হৈছে পথটোত কোনো ঈষৎ ইউটার্ণ নাই। দৰাচলতে এই পথেৰে যাত্রা হৈছে এক যাদু সাম্রাজ্যত প্ৰৱেশৰ দৰে। পথটোৰে আগবঢ়াৰ লগে লগে অনুভৱ হয় যেন যাত্রীজনে কোনো দুঃসাহসিক ক্রীড়াতহে অংশ লৈছে।

এই পথৰ আদিৰ পৰা অন্তলৈ যাত্ৰা কৰিলে চৌপাশৰ বিভিন্ন কথা লক্ষ্য কৰিব পাৰি। পৰম্পৰা, সাংস্কৃতিক সংমিশ্রণ, ইতিহাস আৰু মানুহৰ সপোনক এই যাত্রাই সোঁৱৰাই দিয়ে।

কাৰণ পথৰ দুয়োপাৰে ভিন্ন সংস্কৃতি, ভিন্ন পৰম্পৰা বহন কৰা লোকে বাস কৰিছে। দৰাচলতে পেন আমেৰিকান হাইৱে একক পথ নহয়, ই হৈছে এশাৰী আন্তঃসংযোগী ঘাইপথৰ সমষ্টি। এই ঘাইপথসমূহে উত্তৰ, মধ্য আৰু দক্ষিণ আমেৰিকাক সংযোগ কৰিছে। ফলত এই পথে পশ্চিম গোলার্ধত এক নিৰৱচ্ছিন্ন ভূ-পথৰ সৃষ্টি কৰিছে।

গতিকে এই পথে দুখন মহাদেশক সংযোগ কৰিছে। অভিজ্ঞসকলে কয় যে পেন আমেৰিকান হাইৱে হৈছে বিশ্বৰ অন্যতম চিধা দীঘল পথো। এই পথত তীব্র ইউটার্ণ নথকাটোৱে উল্লেখনীয় অভিযান্ত্রিক সফলতাকো সূচায়।

এই পথ ১৪ খন দেশৰ মাজেৰে পাৰ হৈছে। এই দেশসমূহৰ অন্যতম হ’ল-কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো আৰু আর্জেন্টিনা। ইয়াৰ প্ৰতিখন দেশৰে নিজা সংস্কৃতি, ভাষা আৰু পৰম্পৰা আছে। গতিকে এই পথেৰে আদিৰ পৰা অন্তলৈ যাত্ৰা কৰা মানে আমেৰিকাৰ দুই মহাদেশৰ বৈচিত্র্য অন্বেষণ কৰাটোও সূচায়।

এই পথেৰে যাত্ৰা কৰা সকলে মৰুভূমি, সুউচ্চ পর্বতমালাৰ মাজেৰে, ঘন বৰ্ষাৰণ্য আৰু দৃষ্টিনন্দন উপকূলীয় পথৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে।

উল্লেখ্য যে এই পথ নিৰ্মাণৰ বিষয়ে প্রথম আলোচিত হয় ১৯২০ দশকত। অৱশেষত ১৯৩৭ত এই পৰিকল্পনাই সাকাৰ ৰূপ পায়। অৱশ্যে পথটোৰ নিৰ্মাণ কাৰ্য ১৯৬০ দশকৰ আৰম্ভণিতহে সম্পূর্ণ হয়। পথটো অন্ত পৰিছে পানামা আৰু কলম্বিয়াৰ মাজৰ ডেৰিয়েন গে’প অঞ্চলত।

Exit mobile version