kamrup Session court:
সোমবাৰে অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ দ্বিতীয়টো শুনানি ৷ কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতত হ’ব এই শুনানি ৷ কাৰাৰুদ্ধ হৈ থকা সাত অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী, সন্দীপন গার্গ, অমৃতপ্রভা মহন্ত আৰু জুবিনৰ দুই দেহৰক্ষী পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাক কাৰাগাৰৰ পৰাই ভার্চুৱেলী হাজিৰ কৰোৱা হ’ব ৷
উল্লেখযোগ্য যে ,জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বহুচৰ্চিত ১২হাজাৰ পৃষ্ঠাযোৰা চাৰ্জশ্বীট ১২ডিচেম্বৰত এছআইটিয়ে দাখিল কৰিছিল চিজেএম আদালতত ৷
