নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল বাছ !

ভয়ংকৰ দুৰ্ঘটনাত কমেও ১৬ জন লোকৰ মৃত্যু 

Accident

Road Accident:✒️ইণ্ডোনেছিয়াত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ। এই ঘটনাত কমেও ১৬ জন লোকৰ মৃত্যু হৈছে। আহত হৈ কেবাজনো ।বৰ্তমান তেওঁলোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

তথ্য অনুসৰি,দেওবাৰে নিশা ৰাজধানী জাকাৰ্টাৰ পৰা যোগাকাৰ্টা অভিমুখে যাত্ৰা কৰিছিল ৩৪ জন যাত্ৰী কঢ়িয়াই অনা বাছখনে। টোল ৰোডৰ কাষ চাপি অহাৰ লগে লগে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পকী বেৰত খুন্দা মাৰে। ইয়াৰ পাছতে বাছখন বাগৰি পৰে।

ইয়াৰ পাছতে বাছখন বাগৰি পৰে। বিকট শব্দ শুনি স্থানীয় বাসিন্দাসকলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। লগে লগে উদ্ধাৰ অভিযান আৰম্ভ হয়। এই খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দল দ্ৰুততাৰে সেই স্থানত উপস্থিত হয়। আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে। যদিও এই মৰ্মান্তিক দুৰ্ঘটনাত কমেও ১৬ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে।

অৱশ্যে এই দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। প্ৰাথমিক তথ্যৰ ভিত্তিত আৰক্ষীয়ে বাছখন অতি তীব্ৰ বেগেৰে যাত্ৰা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। নিশাৰ আন্ধাৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত এই কৰুণ ঘটনাটো সংঘটিত হয়।

Exit mobile version