Bangladeshi Women Arrested:গৌৰীপুৰত বাংলাদেশী মহিলাক আটক

ভুৱা আধাৰকাৰ্ড জব্দ

WhatsApp Image 2025 12 24 at 2.30.05 PM

Bangladeshi Women Arrested:

অশান্তজৰ্জৰ বাংলাদেশত সংঘটিত হিংসাত্মক ঘটনাৱলীৰ মাজতে সংগোপনে ভাৰতত প্ৰৱেশ কৰিছে বাংলাদেশী ৷ দালালৰ সহায়ত ভাৰতত প্ৰৱেশ কৰি হিন্দু নামেৰে ভুৱা আধাৰ কাৰ্ড বনাই দিল্লীত খোপনি পোতা বাংলাদেশীৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে শেহতীয়াকৈ গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ।

এনে ঘটনাক্ৰমৰ মাজতে ধুবুৰী জিলাৰ গৌৰীপুৰত আটক হয় এগৰাকী বাংলাদেশী মহিলা ৷ তেওঁৰ পৰা উদ্ধাৰ কৰা হয় ঝুমুৰ ৰায় নামৰ ভাৰতীয় আধাৰ কাৰ্ড৷ নিজকে ঝুমুৰ ৰায় বুলি পৰিচয় দিছিল ৷ অৰ্থাৎ বাংলাদেশৰ ৰুবিয়া ভাৰতত ভাৰতত হৈ পৰিল ঝুমুৰ ৰায় ৷ বাংলাদেশী দালালে ভুৱা আধাৰকাৰ্ড বনাই দিল্লীত বিক্ৰী কৰাৰ অভিযোগ। তেওঁৰ দৰে আন ৯ গৰাকী মহিলাকো কাম দিয়াৰ নামত দিল্লীত বিক্ৰী কৰাৰ অভিযোগ ৷ কিন্ত দালালৰ হাতৰ পৰা পলায়ন কৰি গৌৰীপুৰলৈ আহি অনাইবনাই ঘূৰি ফুৰাৰ সময়তে আৰক্ষীৰ হাতত আটক হয় ৰুবিয়া ৷ এই সমস্ত কথা আৰক্ষী জেৰাত সদৰি কৰে বাংলাদেশী মহিলা গৰাকীয়ে।

Exit mobile version